ধিঙত আন্তৰ্জাতিক নাৰী দিৱস পালন

    0
    45


    ধিঙত আন্তৰ্জাতিক নাৰী দিৱস পালন

    দুৰ্নীতিৰ দৰ্পণ সেৱা ,নজৰুল ইছলাম , বটদ্ৰৱা, ৮ মাৰ্চ : আজি সমগ্ৰ বিশ্বৰ পালন কৰা হয় নাৰী দিৱস । ৰাজ্যেৰ বিভিন্ন প্ৰান্তত লগতে আজি ধিঙতো উৎজাপন কৰা হয় নাৰী দিৱস । সমগ্ৰ বিশ্বৰ লগতে ধিং আউনী আটী সত্ৰ হিমালয়া মণ্ডল পৰ্যায়ৰ মহিলা সংগঠনে পালন কৰে আন্তৰ্জাতিক নাৰী দিৱস । সংগঠনটোৰ নেত্ৰী সকলে কয় যে , আজি আমাৰ নাৰী সমাজ আগুৱাই বিশ্বৰ বিভিন্ন প্ৰান্তত এক সুকীয়া পৰিচয় দিৱলৈ সক্ষম হৈছে । আন্তজাৰ্তিক নাৰী দিৱস উপলক্ষ্যে উদযাপন কৰা অনুষ্ঠানটোত নাৰী সকলক সবলীকৰণ আৰু অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰে পালন কৰা হয় আন্তৰাষ্ট্ৰীয় নাৰী দিৱস । এই অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত সংঘটনটোৰ নেত্ৰী সকলে নাৰী সকলৰ বিভিন্ন সমস্যাৰ কথাও ব্যক্ত কৰে । ইপিনে , ধিং মহাবিদ্যালয়তো পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । নগাওঁ ডিও কেয়াৰ’নাৰ্ছিং হোমৰ উদ্যোগত আৰু ধিং মহাবিদ্যালয়ৰ সহযোগত উদযাপিত এই নাৰী দিৱসত বিশেষকৈ মহিলা সকলৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য সম্পৰ্কে বৃহৎ ভাবে আলোকপাত কৰা হয় । ইয়াৰ লগত নাৰীৰ সুৰক্ষা , নাৰী সৱলীকৰণ , সমমৰ্যদা আদি বিভিন্ন দিশত গাম্ভীৰ্যপূৰ্ণ আলোচনা কৰা হয় অনুষ্ঠানটিত ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here