ধিঙত ১০ দিনিয়া কার্যসূচীৰে শ্ৰী শ্ৰী হৰিনাম মহাযজ্ঞ

    0
    46

    ধিঙত ১০ দিনিয়া কার্যসূচীৰে শ্ৰী শ্ৰী হৰিনাম মহাযজ্ঞ
    দুৰ্নীতিৰ দৰ্পণ সেৱা ,নজৰুল ইছলাম , বটদ্ৰৱা , ৩ মাৰ্চ : ধিং সৰ্বজনীন পূজাবাড়ি ও বঙালী সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যগত ১৯৬৮ চনৰে পৰা উৎজাপিত হৈ আহিছে এই হৰিনাম মহাযজ্ঞ।বিগত বৰ্ষ বোৰৰ দৰেও এইবাৰো উৎজাপন সমিতিয়ে ১০দিনিয়া কার্যসূচীৰে উৎজাপন কৰিব লৈছে হৰিনাম মহাযজ্ঞ।এই হৰিনাম মহাজ্ঞত পত্যক বছৰেই অসমৰ ভিবিন্ন প্ৰান্তৰ পৰা শ্ৰী শ্ৰী হৰিনাম সংকীৰ্ত্তনৰ দলে অংশগ্ৰহণ কৰে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ক্ৰমে,শ্ৰী কৃষ্ণ সম্প্ৰদায়(আলিপুৰ),পতিত পৱন সম্প্ৰদায়(ডবকা),শ্ৰীমদ ভাগৱত সম্প্ৰদায়(কাছাৰ),নন্দ দুলাল সম্প্ৰদায়(বৰাক ভেলি),মা বাসন্তী সম্প্ৰদায়(দাৰজিলিং), বিজলক্ষ্মী সম্প্ৰদায়(আলিপুৰ)ৰ লগতে স্থানীয় দল সমূহে অংশগ্ৰহণ কৰিছে।কাৰ্যসূচী অনুসৰি ২৭ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা ৬বজাত শ্ৰীমন গৌৰ শুভ অধিবাস,২৮ফেব্ৰুৱাৰী পোৱা ৬বাজি ৫মিনিটৰ পৰা ৬৪প্ৰহৰ অখণ্ড হৰিনামৰ শুভাৰম্ভ হয় আৰু ৮মাৰ্চ সোমবাৰে সমাপ্ত হব এই মহাজ্ঞৰ। অন্তিম দিনৰ কাৰ্যসূচী মতে পুৱা ৫বাজি ৫৮মিনিটত শ্ৰী শ্ৰী হৰিনাম সংকীৰ্ত্তনৰ সমাপন পুৱা ৬বাজি ৩০মিনিটত হব নগৰ পৰিক্ৰমা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈকে দুপৰীয়া ১২বজাত শ্ৰীমন গৌৰসুন্দৰৰ মধ্যাহ্ন ভোগৰাগ দুপৰীয়া ১বাজি ৩০মিনিটত দধিমঙল আৰু মহন্ত বিদায়।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here