ধুবুৰীত নাবালিকা ছোৱালীক অপহৰণ , তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ , ধুবুৰীৰ আৰক্ষী অধীক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী

    0
    179

    ধুবুৰীত নাবালিকা ছোৱালীক অপহৰণ , তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ , ধুবুৰীৰ আৰক্ষী অধীক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী
    দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ধুবুৰী ঃ প্ৰায় এক মাহ মান আগতে ধুবুৰীৰ ঝগৰাৰপাৰৰনাবালিকা ছোৱালীক অপহৰণ কৰা হৈছিল যদিও তদন্তকাৰী আৰক্ষী বিষয়াৰ চৰম গাফিলতিৰ বাবেই ভুক্তভোগীয়ে ন্যায় পোৱা নাই বুলি অভিযোগ উঠিছে। এই বিষয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ কুমাৰ মিশ্ৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। প্ৰাপ্ত অভিযোগ জনোৱা মতে , যোৱা ০১/১২/২০২০ তাৰিখে ৰাতিপুৱাই এজনী (১৪) বছৰীয়া নাবালিকা ছোৱালীক অপহৰণ হৈ যায়। তাৰ পিছত ভুক্তভোগীৰ পৰিয়াল বৰ্গই বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খা -খবৰ কৰাত এক দুষ্ট চক্ৰই অৰ্থাৎ গোলাম লুতফৰ ৰহমান ওৰফে ৰাজা আৰু কেইজন মান লগ-লাগি জোৰ পূৰ্ব্বক ভাৱে অজ্ঞান কৰি ছোৱালী জনীক অপহৰণ কৰি লৈ যায়। উক্ত দিনৰ পৰা আজিলৈকেও উক্ত নাৱালিকা জনীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। উক্ত দুষ্ট চক্ৰৰ লগত জড়িত সকলো পাষণ্ড সকলোৰ বিৰুদ্ধে ভুক্তভোগীয়ে উক্ত ৰাতি ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৫/৫০৬/৩৪১ ৰ ১৭৬৫/২০২০ নং গোচৰ পঞ্জীয়ন কৰে যদিও উক্ত পঞ্জীয়নভুক্ত গোচৰটো এছ.আই আজিজুৰ হক মণ্ডলক দ্বায়িত্ব অৰ্পণ কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। প্ৰশ্ন উঠিছে আজি এক মাহ পাৰ হৈ যোৱাৰ পিছতো এছ আই আজিজুৰ হকে আজিলৈকেও উক্ত গোচৰৰ আচামী সকলোৰ এজনকো কৰায়ত্ত্ব কৰিব নোৱাৰিলে। কিয়· এনেকি , উক্ত তদন্তকাৰী বিষয়াজনে প্ৰথম পৰ্যায়ৰ অনুসন্ধান নকৰিলে বুলি অভিযোগ তুলিছে ভুক্তভোগীয়ে। এছ আই আজিজুৰ হক মণ্ডলৰ এনে লেহেম স্থিতি আৰু চৰম গাফিলতিয়ে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনক গণ ধিক্কাৰ দিছে স্থানীয় সচেতন ৰাইজে। ইয়াৰ উপৰিও উক্ত (১৪) বছৰীয়া নাবালিকাক অপহৰণ কাৰ্যত জড়িত আচামী সকলৰ লগত এছ আই আজিজুৰ হকে সহায়-সহযোগিতা কৰি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। কিয়নো , আজি এক মাহ পাৰ হৈ যোৱাৰ পিছতো কিয় এছ আই আজিজুৰে উক্ত গোচৰত অন্তৰ্ভুক্ত এজন আচামীকো কৰায়ত্ত্ব কৰি জেললৈ প্ৰেৰণ নকৰিলে· সেয়া এক ভয়ানক ৰহস্যৰ বিষয় হৈ পৰিছে। ভুক্তভোগীৰ পৰিয়াল বৰ্গই দ্বাবী উত্থাপন কৰিছে যে , তেওঁলোকৰ নাবালিকা ক যদি কিবা ক্ষতি গ্ৰস্থ হয় , তেন্তে তাৰ বাবে দায়ী হ’ব সম্পূৰ্ণৰূপে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ এছ আই আজিজুৰ হক মণ্ডলে। উপায় বিহীন হৈ ভুক্তভোগীয়ে আপোচ বিহীন ধুবুৰী জিলা আৰক্ষী অধীক্ষককে এছ আই আজিজুৰ হক মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। পৰৱৰ্তী সময়ত কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰে সেয়াও লক্ষ্যণীয় বিষয় হৈ পৰিছে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here