ধুবুৰীত নেশ্বোনাল ডিপৰিয়েশ্বোন স্কেনিং দিৱস উদযাপন

    0
    873
    ধুবুৰীত নেশ্বোনাল ডিপৰিয়েশ্বোন স্কেনিং দিৱস উদযাপন
    দুৰ্নীতিৰ দৰ্পণ সেৱা , ধুবৰীৰ পৰা পাৰভেজুৰ ৰহমান , ধুবুৰী , ১৪ অক্টোবৰ: ধুবুৰী জিলাৰ ৰ্নাচিং চেণ্টাৰত নেশ্বোনাল ডিপৰিয়েশ্বোন স্কেনিং দিৱস  উদযাপন । প্ৰাপ্ত বাতৰি মতে , যোৱা আঠ অক্টোবৰৰ দিনা ধুবুৰী জিলা মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ উদ্যোগত বিস্তৃত আৰু বৰ্ণাট্য কাৰ্য্যসূচিৰে পালন কৰা হয় । উক্ত দিনাখন ধুবুৰী জিলা মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ বিশিষ্ট চিকিৎসক ডাঃ হাফিজুৰ ৰহমান আৰু চাইকেৰেটিকৰ বিশিষ্ট সমাজ কৰ্মী জেহিৰুল ইছলামৰ প্ৰচেষ্টাত নেশ্যনাল ডিপৰিয়েশ্বোন স্কেনিং দিৱসটো পালন কৰে । ইয়াৰ উপৰিও অনুষ্ঠিত উক্ত দিৱসৰ দিনাখন বিশেষকৈ ডিপৰিয়েশ্বোনৰ লক্ষণসমূহ কি কি আৰু কেনেকৈ নিৰাময় কৰিব পাৰি , তাকলৈ বিশেভাৱে বক্তব্য দাঙি ধৰে ডঃ হাফিজুৰ ৰহমানে । উক্ত দিনা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্টান আৰু নাৰ্ছিং ট্ৰেনিং চেণ্টাৰৰ বহুতো ছাত্র উপস্থিত থাকে ।