ধুবুৰীত ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে ভোটাৰ দিৱস উদযাপন , সজাগতামূলক গীত-নাট মুকলি

3
267

ধুবুৰীত ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে ভোটাৰ দিৱস উদযাপন , সজাগতামূলক গীত-নাট মুকলি
দুৰ্নীতিৰ দৰ্পণ,নিউজ ডেক্স ,ধুবুৰী,২৫ জানুৱাৰীঃ দেশৰ অন্যান্য অংশৰ লগতে আজি ধুবুৰী জিলাতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৮.৩০ বজাত ধুবুৰী জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয় চৌহদৰ পৰা উলিওৱা এটি চাইকেল সমদলক নেতৃত্ব দিয়ে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে। এই সমদলত ধুবুৰী জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী,স্থানীয় নাগৰিক সকলে অংশগ্ৰহণ কৰে। “ভোটদানৰ অধিকাৰ পৱিত্ৰ অধিকাৰ আৰু কৰ্তব্য”-এনে ধৰণৰ বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ চহৰৰ সোমাজেৰে সমদল কৰি পুণৰ ধুবুৰী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আহি মিলিত হোৱাৰ পিছতে উক্ত স্থানত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । ধুবুৰী জিলা নিৰ্বাচনী বিষয়া তথা ভাৰপ্ৰাপ্ত ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰী পাৰ্থ প্ৰতিম বৰ্মণৰ পৰিচালনা কৰা সভাখনত উপায়ুক্ত শ্ৰী অনন্তলাল জ্ঞানীয়ে ৫ জন নবীন ভোটাৰক ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনায় । অনুষ্ঠানত ভোটদানৰ সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় নৃত্য-কলা প্ৰদৰ্শন কৰে । অনুষ্ঠানত দিয়া ভাষণত ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰী পাৰ্থ প্ৰতিম বৰ্মণে সকলো প্ৰাপ্ত বয়স্ক বৈধ ভাৰতীয় নাগৰিকক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়াও আবেদন কৰাৰ বাবে দুৱাৰ মুকলি আছে বুলি উল্লেখ কৰে । তেওঁ সভাৰ আৰম্ভণীতে সকলোকে দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যদা অক্ষুণ্ণ ৰাখি নিৰপেক্ষভাবে আৰু প্ৰলোভন তথা প্ৰভাৱ মুক্ত হৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে শপত বাক্য পাঠ কৰায়। এই অনুষ্ঠানৰ পিছতে এই দিৱসৰ সৈতে সঙ্গতি ৰক্ষা কৰি কভিড-১৯ৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মাজত ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here