ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবগত কংগ্ৰেছৰ সমষ্টি ভিত্তিক বুথ সংকল্প শিবিৰ

    0
    146

    ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবগত কংগ্ৰেছৰ সমষ্টি ভিত্তিক বুথ সংকল্প শিবিৰ
    দুৰ্নীতিৰ দৰ্পণ , ছামচুল হক সেখ , বিশেষ সেৱা , ধুবুৰী,১০ ফেব্ৰুৱাৰী : গৌৰীপুৰ সমষ্টিৰ মাটিয়াবগত আজি অনুষ্ঠিত হয় সমষ্টি ভিত্তিক কংগ্ৰেছৰ বুথ সংকপ্ল শিবিৰ। দেবীতোলা , পৰ্বতঝোৰা আৰু ৰূপসী ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই বুথ সংকল্প শিবিৰখন ৷ সভাখনৰ মুখ্য অতিথি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিজেপিৰ কাৰ্যকালত ডিজেল,পেট্ৰলৰ মূল্য তিনি গুণে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশ লংগী মূল্য বৃদ্ধি হোৱাৰ লগতে অসমত হিন্দু মুছলমানৰ মেৰু বিভাজনৰ ৰাজনীতিৰে বিজেপিয়ে অসমৰ সাতামপূৰুষীয়া শান্তি সম্প্ৰতি বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰে বিধায়ক শিকদাৰে । আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত মহাজোটবন্ধনৰ চৰকাৰ হোৱাটো এশ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে। আনহাতে , অসুস্থ হৈ পৰা কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মাতৃৰ প্ৰতি তিলমানো মানৱীয়তা দেখুওৱা নাই বিজেপি নেতৃত্ব‌ই বুলি ক্ষুৰধাৰ সমালোচনা কৰে। গৌৰীপুৰত মহাজোটবন্ধনৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব বুলি বিধায়ক শিকদাৰে নিজৰ মন্তব্যত প্ৰকাশ কৰে।আজিৰ বুথ সংকল্প শিবিৰত উপস্থিত থাকে গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য আবুল মিঞা , জেষ্ঠ কংগেছ নেতা আব্দুল ৰশিদ মিঞা , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হক , ছত্ৰিশগড়ৰ পৰা অহা কংগ্ৰেছ নেতা অংকিত বাগবাহৰা প্ৰমূখ্যে স্থানীয় কংগ্ৰেছৰ নেতা কৰ্মী সকল । উক্ত বুথ সংকল্প শিবিৰখনত গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা হেজাৰ হেজাৰ নেতা কৰ্মী আৰু বুথ সদস্য/সদস্যা সকল শিৱিৰত অংশ গ্ৰহণ কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here