ধুবুৰীৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন খণ্ড কাৰ্যালয়ত ব্লক স্তৰৰ উপদেষ্টা আৰু তদাৰকী কমিটিৰ সভাত বিধায়কৰ অদ্ভুত যুক্তি

    0
    63

    ধুবুৰীৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন খণ্ড কাৰ্যালয়ত ব্লক স্তৰৰ উপদেষ্টা আৰু তদাৰকী কমিটিৰ সভাত বিধায়কৰ অদ্ভুত যুক্তি

    দুৰ্নীতিৰ দৰ্পণ সেৱা ,ইমৰান হুছেইন সেখ ,আলমগঞ্জ , ১৭ফেব্ৰুৱাৰী : ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ৰ অন্তৰ্গত বিৰসিং জৰুৱা উন্নয়ন খণ্ড কাৰ্যালয়ত আজি ব্লক স্তৰৰ উপদেষ্টা আৰু তদাৰকী কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আজিৰ সভাখনত বাৰ্ষিক কৰ্ম পৰিকল্পনাৰ বিভিন্ন আচনিৰ অনুমোদন দিয়ে ধুবুৰী জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া তথা কমিটিৰ সভাপতি অনিমেষ তালুকদাৰে। উল্লেখ্য যে,খণ্ড উন্নয়ন কাৰ্যালয়টোৰ অন্তৰ্গত ১৫খন গাওপঞ্চায়তৰ সভাপতি, সচিব, আঞ্চলিক সদস্য সকলে সভাখনত উপস্থিত থাকি বিভিন্ন কামৰ আচনি দাখিল কৰে। ব্লক স্তৰৰ উপদেষ্টা আৰু তদাৰকী কমিটিৰ সচিব তথা বিৰসিং জৰুৱা ব্লকৰ ভিডিঅ তমেজ উদ্দিনে সদৰী কৰা মতে পঞ্চদশ বিত্তীয় আয়োগ আচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত বিভাগে ১ কোটি ২৬ লাখ ৮হেজাৰ টকা আবণ্টন দিয়ে । জিলাখনৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিডিঅ কাৰ্যালয়খনত পঞ্চদশ বিত্তীয় আয়োগ আচনিৰ সভা অনুষ্ঠিত কৰাত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া তালুকদাৰে বিডিঅ তমেজ উদ্দিনক প্ৰশংসা কৰে । আজিৰ সভাখনত উপস্থিত থাকে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, বিৰসিং জৰুৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰবিয়াল আওৱাল মোল্লা । সভাখনত উপস্থিত থকা কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে তেওঁৰ ভাষণত আৰ টি আই কৰা কাৰ্যক লৈ উদ্বিগ্ন হৈ পৰে । তথ্য জনাৰ অধিকাৰ আইনৰ জড়িয়তে যাতে তেওঁৰ কাম কাজত কোনেও হাৰাশাস্তি কৰিব নোৱাৰে , তাৰ বাবে এখন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ সভাত যুক্তি দাঙি ধৰে বিধায়ক গৰাকীয়ে । পিছে তেওঁৰ এনে অদ্ভূত যুক্তিৰ প্ৰতি মন কাণ নিদিলে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া তথা জিলা অতিৰিক্ত উপায়ুক্ত অনিমেষ তালুকদাৰে । উল্লেখ্য যে , যোৱা ৯ফেব্ৰুৱাৰীত বিৰশিং জৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়টোত ব্লক স্তৰৰ উপদেষ্টা আৰু তদাৰকী কমিটিৰ সভা অনুষ্ঠিত হৈছিল যদিও সেইদিনা বহু কেইটা পঞ্চায়তৰ সভাপতি, সচিব অনুপস্থিত থকা বাবে সভাখন স্থগিত কৰা হৈছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here