ধুবুৰী জিলা কোচ-ৰাজবংশী সাহিত্য সভাৰ অধিবেশ্বন সম্পন্ন , ৩৫ জনীয়া সদস্যৰে জিলা কমিটি গঠন

    0
    120

    ধুবুৰী জিলা কোচ-ৰাজবংশী সাহিত্য সভাৰ অধিবেশ্বন সম্পন্ন , ৩৫ জনীয়া সদস্যৰে জিলা কমিটি গঠন
    দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰুহুল আমিন সেখ , তামাৰহাট , ১ মাৰ্চ : কোচ-ৰাজবংশী জনগোষ্ঠীৰ বৃহৎ জাতীয় সংগঠন কোচ-ৰাজবংশী সাহিত্য সভাৰ ধুবুৰী জিলা সমিতি খনৰ দ্বিতীয় তৃবাৰ্ষিক অধিবেশ্বন আৰু বিশ্বমহাবীৰ চিলা ৰায়ৰ ৫১১সংখ্যক জন্ম জয়ন্তী যোৱা ২৭ ফেব্ৰুৱাৰীৰ দিনা দিন যোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ধুবুৰী জিলাৰ কালাৰহাট গাঁও পঞ্চায়তৰ খেল পথাৰত অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে,কালাৰঘাট শাখা কোচ-ৰাজবংশী সাহিত্য সভা আৰু কালাৰঘাট আঞ্চলিক আক্ৰাছুৰ সহযোগত উক্ত অধিবেশ্বন খনৰ আয়োজন কৰা হৈছিল । উক্ত অধিবেশ্বনৰ আয়োজক কমিটিয়ে যুগুতোৱা কাৰ্য্যসূচী অনুসৰি সিদিনা ধুবুৰী জিলা কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি কৰ্ণধৰ ৰায়ে পূৱা ৮-০০বজাত কোচ-ৰাজবংশী সাহিত্য সভাৰ পতাকা উত্তলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে । তাৰ পিছত ক্ৰমে “আক্ৰাছু”ৰ পতাকা আৰু সাংস্কৃতিক পতাকা উত্তোলন,বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ , ছহিদ তৰ্পণ ,আৰু ৰাজহুৱা স্থানত গছ পুলি ৰোপণ কৰা হয় । দিনৰ দহ বজাৰ পৰা সমাজ কৰ্মী মনোৰঞ্জন ৰায়ৰ সঞ্চালনাত আৰম্ভ হয় স্বৰচিত ৰাজবংশী ভাষাৰ কবিতা আবৃত্তি আৰু ৰাজবংশী গানৰ নাচ প্ৰদৰ্শন । কাৰ্য্যসূচী অনুসৰি দুপৰীয়া বাৰ বজাৰ পৰা আৰম্ভ হয় বিষয় বাছনি সভা । উক্ত বিষয় বাছনি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ পিছত কাৰ্য্যকাল উকলি যোৱাত পুৰণি কমিটি খন ভংগ কৰি দিয়া হয় ।একে খন সভাতে পৰবৰ্তী কাৰ্য্যকালৰ বাবে নিত্যানন্দ ৰায়ক সভাপতি,মনোৰঞ্জন ৰায়,মহিতোষ কুমাৰ মণ্ডল ,পৰমেশ্বৰ ৰায়, মনভোলা ৰায় আৰু ছবিতা বেপাৰীক উপ-সভাপতি আৰু ডালিম ৰায়ক প্ৰধান সম্পাদক হিচাপে লৈ মুঠ ৩৫ জনীয়া সদস্যৰে ধুবুৰী জিলা কোচ-ৰাজবংশী সাহিত্য সভা কমিটি খন গঠন কৰা হয়। আবেলি তিনি বজাত বিদায়ী সভাপতি কৰ্ণধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । উক্ত মুকলি সভাত ৰাজবংশী ভাষাত লিখা স্মৃতিগ্ৰন্থ ‘তেপুৰাণী’ শুভ উন্মোচন কৰে ধুবুৰী জিলা বি জে পিৰ সভাপতি তথা বিশিষ্ঠ চিকিৎসক দেৱময় সান্যাল আৰু ৰাজবংশী ভাষাত অমূল্য কুমাৰ ৰায় ৰচিত ‘মুকতা’ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ঠা সাহিত্যিক লাবন্য ভকতে ।উক্ত মুকলি সভাত কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি -প্ৰধান সম্পাদক ক্ৰমে দ্বীজেন্দ্ৰ নাথ ভকত আৰু কমল কুমাৰ বৰ্মণ , কোচ-ৰাজবংশী সাহিত্য সভাৰ উপ-সভাপতি আৰু সম্পাদক ক্ৰমে নিৰ্মল চন্দ্ৰ ভকত আৰু পিনাকী ৰায় , সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ কৰ্য্যকৰী সভাপতি ৰঘুৰঞ্জন বেপাৰীকে ধৰি বিশিষ্ঠ ব্যাক্তি সকলে অংশ গ্ৰহণ কৰি ৰাজবংশী ভাষা-সাহিত্য , কলা কৃষ্টি আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ জীৱনীৰ ওপৰত তথ্য গধুৰ ভাষণ প্ৰদান কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here