নগাঁও বন বিভাগৰ অভিযানত গাড়ীসহ পাহাৰীয়া চোৰাং কাঠ জব্দ

0
150

নগাঁও বন বিভাগৰ অভিযানত গাড়ীসহ পাহাৰীয়া চোৰাং কাঠ জব্দ
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ২৯ জানুৱাৰী : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটা বন বিভাগৰ দলে আজি পুৱা প্ৰায় ৫,৩০ বজাত জিলাখনৰ জখলাবন্ধাত অভিযান চলাই এটা চোৰাং কাঠ ভৰ্তি গাড়ী জব্দঃ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে , এ এছ ০২ এ ৬২০১ নম্বৰৰ 407 ট্ৰাকখনে কাৰ্বিআংলঙৰ পৰা বৃহৎ পৰিমাণৰ কাঠৰ কোন্দা অবৈধভাৱে কঢ়িয়াই কলিয়াবৰ অভিমুখে আহি থকা অৱস্থাত বন বিভাগৰ দলটোৱে জখলাবন্ধাৰ সমীপত অভিযান চলাই কাঠসহ গাড়ীখন জব্দঃ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে । এই কাঠখিনিৰ মূল্য প্ৰায় ১,৫ লাখ টকা হব । আনহাতে , অভিযানৰ সময়ত বন বিভাগৰ দলটোক ইয়াৰ আলি আৰু ৰাজু বৰা নামৰ কাঠ ব্যৱসায়ী দুজনে মেনেজ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হোৱাত অভিযানকাৰী দলটোক দূব্যৱহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে । এই সন্দৰ্ভত বন বিভাগৰ অভিযানকাৰী দলটোৱে জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি বন বিভাগৰ দলটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here