নগাঁও-বঢ়মপুৰ-ৰহা সমষ্টিত ২৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল , বিশাল ৰেলী কৰি কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন

    0
    111

    নগাঁও-বঢ়মপুৰ-ৰহা সমষ্টিত ২৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল , বিশাল ৰেলী কৰি কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন

    ৱাহিদুদ জামান , নগাঁও , ১২ মাৰ্চ : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা নগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টি ক্ৰমে নগাঁও সদৰ, বঢ়মপুৰ আৰু ৰহা সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে নিজা মনোনয়ন পত্ৰ দাখিল কৰে। আজি মনোনয়ন পত্ৰ দাখিল কৰা সকলৰ ভিতৰত অন্যতম আছিল বঢ়মপুৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা, অসম জাতীয় পৰিষদৰ দিপীকা শইকীয়া, নিৰ্দলীয় ইমদাদুল হুছেইন, নগাঁও সদৰ সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ পৰা অনুপ লস্কৰ, লোক জন শক্তিৰ পৰা আব্দুল আওৱাল ভুঞা, ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ পৰা ছাহজাহান আলী আহমেদ, নিৰ্দ্দলীয় প্ৰাৰ্থী প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা, আশা বেগম, আনোৱাৰ ওৱাহিদ, নিপেন্দ্ৰ মণ্ডল আৰু জিয়াউৰ ৰহমান।আনহাতে, ৰহা সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা উৎপল বনিয়া, জনতা পাৰ্টিৰ পৰা মনি দাস আৰু নিৰ্দ্দলীয় হিচাপে গুনেশ্বৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰে। জাতীয় পৰিষদৰ উৎপল বনিয়াই কয়, মোৰ প্ৰতি আকৃষ্ট হৈ ইতিমধ্যে কংগ্ৰেছ আৰু বিজেপি দলৰ বহু লোক জাতীয় পৰিষদত যোগদান কৰিছে। মই অভিলেখ সংখ্যাক ভোটত জয়ী হম। বঢ়মপুৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাই আজি দুপৰীয়া সহস্ৰাধিক সমৰ্থকৰে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা এক বিশাল সমদল কৰি আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ হাতত নিজা মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁৰ মনোনয়ন পত্ৰ দাখিলৰ এই যাত্ৰাত সংগ দিয়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা প্ৰমুখ্যে নেতা সকলে। বঢ়মপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়ন দাখিলৰ পাছত সাংবাদিকৰ আগত কয়,”বঢ়মপুৰ সমষ্টিৰ ৰাইজৰ আদৰ, মৰম দেখি মই আপ্লুত হৈছো। যোৱা বাৰ বঢ়মপুৰত অগপ-বিজেপিৰ মিত্ৰতা আছিল, তাতে মোৰ প্ৰতিদ্বন্দ্বী আছিল দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে নেতা। তথাপিও মই মাত্ৰ পাঁচ হেজাৰ ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিলো। এইবাৰ বঢ়মপুৰত সেই মিত্ৰতা নাই, তাতে এইবাৰ মোৰ সন্মুখত প্ৰফুল্ল কুমাৰ মহন্ত নাই। বঢ়মপুৰত প্ৰতিষ্ঠান বিৰোধী ঢৌ প্ৰৱল হৈ আছে। তাৰোপৰি মই বঢ়মপুৰৰ স্থানীয় লোক। বিজেপি দলৰ প্ৰাৰ্থী গৰাকী স্থানীয় লোক নহয়। সমষ্টিটোত মই বহু বছৰ ধৰি জনহিতকৰ কাম কৰি আছো। সেয়েহে এইবাৰ মই বিশাল ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত।”তেওঁ আৰু কয়,”বঢ়মপুৰ সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু নিবনুৱা সমস্যাৰ সমাধানেই মোৰ প্ৰধান লক্ষ্য হ’ব।” ইপিনে, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংবাদিকৰ আগত কয়,”বঢ়মপুৰ সমষ্টি এইবাৰ নিৰ্ঘাত কংগ্ৰেছে দখল কৰিব।তাত কোনো সন্দেহৰ অৱকাশ নাই।” স্মৰ্তব্য যে, আজিৰ দিনটোত নগাঁও সদৰ সমষ্টিত আঠ গৰাকীয়ে, ৰহা সমষ্টিত তিনি গৰাকী আৰু বঢ়মপুৰ সমষ্টিত তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আনহাতে, কালিলৈকে নগাঁও সদৰ সমষ্টিৰ পৰা তিনিগৰাকী, ৰহা সমষ্টিত চাৰিগৰাকীয়ে আৰু বঢ়মপুৰ সমষ্টিত পাঁচ গৰাকী প্ৰাৰ্থীয়ে নিজা মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here