নগাঁৱত অসম কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত কৃষি সা-সজুলি ভাড়াদিয়া কেন্দ্ৰ মুকলি

0
121

নগাঁৱত অসম কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত কৃষি সা-সজুলি ভাড়াদিয়া কেন্দ্ৰ মুকলিৱাহিদুদ জামান , নগাঁও , ১৩ ফেব্ৰুৱাৰী::নগাঁও চহৰৰ সমীপৰ কৃষি প্ৰধান অঞ্চল বেঙেনাআটিত আজি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ অধীনত অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত যন্ত্ৰচালিত কৃষি সা-সজুলি ৰেহাই মূল্যত ভাড়াদিয়া এটা কেন্দ্ৰ মুকলি কৰা হয়। বেঙেনাআটিৰ সুৰভি গ্ৰাম বিকাশ সমিতিৰ কাৰ্যালয়ৰ চৌহদত নগাঁও জিলাৰ প্ৰথমটো কেন্দ্ৰ মুকলি কৰে – ইন্ডিয়ান ৰাইছ ৰিছাৰ্ছ ইনষ্টিটিউৰ ৰেচিদেন্ট কন্চালডেন্ট কেনৱাৰ সিঙে। সিঙে কেন্দ্ৰটি মুকলি কৰি জানিবলৈ দিয়ে যে – এই কেন্দ্ৰটোৰ যোগেদি কৃষক সকলে বিভিন্ন ধৰণে লাভাম্বিত হব পাৰিব। কেন্দ্ৰটোৰ পৰা কৃষকে অতি কম খৰছত যান্ত্ৰিক কৃষি সজুলি ভাড়াত লব পাৰিব। ফলত কম সময়ত অধিক কাম কৰাৰ ওপৰিও কম খৰছত কৃষিকাৰ্য সম্পাদন কৰিবলৈ সক্ষম হব। ইয়াৰ দ্বাৰা কৃষকে পূৰ্বৰ তুলনাত অধিক ফছল উৎপাদন কৰিব পাৰিব। কেন্দ্ৰটোৰ পৰিচালনাৰ দায়িত্ব লাভ কৰে শংকৰ আজান এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডে। কেন্দ্ৰটি মুকলি কৰাৰ পূৰ্বে জিলা খনৰ কেইবা শতাধিক কৃষক ৰাইজৰ উপস্থিত এক কৃষক সজাগতা সভাও অনুষ্ঠিত হয়। কে ভি কে নগাঁৱৰ মীন বিষেশজ্ঞ ধীৰেন নাথে আঁতধৰা সভা খনত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান ড. এন ডেকাই কৃষক সকলক কয় যে – সঠিক যন্ত্ৰপাতি যদি কৃষকৰ হাতত থাকে, কৃষকে বছৰত কেইবাটাও খেতি কৰি লাভবান হব পাৰিব। সেই লক্ষ্য আগত ৰাখি আমি অসমৰ ১৪ খন জিলাত এই কেন্দ্ৰ স্হাপন কৰিছো। ইয়াৰ দ্বাৰা সৰ্বস্তৰৰ কৃষক উপকৃত হোৱাৰ লগতে কৃষিকাৰ্যত শ্ৰমিকৰ অভাৰ দূৰ কৰিব । ৰাসায়নিক সাৰৰ সন্দৰ্ভত তেওঁ কয়- আমি কৃষকৰ মাজত জৈৱিক সাৰৰ সজাগতা সৃষ্টি কৰাৰ লগতে কেঁচু সাৰকে ধৰি জৈৱিক সাৰৰ প্ৰয়োগৰ বাবে পৰামৰ্শ প্ৰদান কৰি আহিছোঁ। সভাত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড: পি চি শৰ্মা, এপাৰ্টৰ ক্ষেত্ৰ সমন্বয়ক বি জে মহন্ত, এৰিয়া ছচাইটিৰ বলজিৎ সিং, শংকৰ আজান এগ্ৰো প্ৰডিউচাৰ কো. লিৰ সঞ্চালক আনোৱাৰ হুচেইন আৰু বেঙেনাআটি গাওঁপঞ্চায়তৰ সভাপতি হবিবুৰ ইদ্ৰিছ চৌধুৰী আদিয়ে ভাষন দিয়ে। সভাত কে ভি কেৰ ফ্ৰাম পৰিচালক নয়ন বৰদলৈৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ কেইবা গৰাকী বিজ্ঞানী আৰু কৰ্মচাৰী সকলৰ লগতে উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here