নগাঁৱৰ পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি , দালাল আৰু ৰাইজৰ মাজত সংঘাত

    0
    102

    নগাঁৱৰ পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি , দালাল আৰু ৰাইজৰ মাজত সংঘাত
    দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ২২ ফেব্ৰুৱাৰী : নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি দিনৰ প্ৰায় ১১বজাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিবৰণী অনুসৰি , ৰিহান চৌধুৰী নামৰ এজন দালালে মুটা অংকৰ ধনৰ বিনিময়ত একাংশ সহজ-সৰল লোকক গাড়ী চালকৰ অনুজ্ঞাপত্ৰ উলিয়াই দিয়াৰ বাবে নগাঁও পৰিবহন কাৰ্যালয়ত প্ৰবেশ কৰাৰ পাছত পূৰ্বৰে পৰা দীঘলীয়া শাৰীত ৰৈ থকা একাংশ লোকে বিষয়টো প্ৰত্যক্ষ কৰি দালালটোক লপাথপা সোধাই । উল্লেখ্য যে , নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত একাংশ কৰ্মচাৰীৰ সহযোগত দালালে দীৰ্ঘদিন ধৰি ধন সংগ্ৰহ কৰাৰ অভিযোগ অতি পুৰণি । সাধাৰণ লোকে অনলাইনযোগে আবেদন কৰাৰ পিছত আবেদন পত্ৰ লৈ কাৰ্যালয়টোত শাৰী-পাতি থকাৰ বিপৰীতে একাংশ দালালে শাৰী নপতাকৈ বহু কেইখন আবেদন পত্ৰ একেলগে লৈ বিষয়াৰ কাৰ্যালয়ত বিনা বাধাই সুমাই নিজৰ নিৰ্দিষ্ট কাম আদায় কৰিবলৈ সক্ষম হয় । এনেবোৰ ঘটনাত অতিষ্ঠ হৈ আজি একাংশ ৰাইজে দালাল চামটোক জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ ক্ষোভিত ৰাইজে কাৰ্যালয়টোৰ দালালক প্ৰশ্ৰয় দিয়াৰ অভিযোগ তুলি কাৰ্যালয়টোৰ কৰ্মচাৰীৰ লগতো তৰ্ক বিতৰ্কত লিপ্ত হয় । এই ঘটনাক লৈ কাৰ্যালয় চৌহদটোত দীৰ্ঘ সময় এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । যাৰ ফলত কিছু সময়ৰ বাবে কাৰ্যালয়টোৰ কাম-কাজ স্থবিৰ হৈ পৰে । ইয়াৰ মাজতে একাংশ উত্তেজিত ৰাইজে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় চৌহদত থকা এখন পান দোকানৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ উদ্ধাৰ কৰে । যাৰ বাবে দালাল চক্ৰটোৰ লগত যে একাংশ বিষযা-কৰ্মচাৰী জৰিত আছে,সেই কথা স্পষ্ট হৈ পৰিছে । আনহাতে , উত্থাপিত আন এক অভিযোগ অনুসৰি, দাস উপাধিৰ এগৰাকী এম ভি আইৰ লগত অহা এজন দালালৰ দপপনিয়ে ৰাইজ তথা আন একাংশ দালালৰ নিদ্ৰা হৰণ কৰাৰ কথা চৰ্চিত হৈছে। ইপিনে , আজিৰ ঘটনা সন্দৰ্ভত নগাঁও জিলা পৰিবহণ বিভাগে নগাঁও আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে , নগাঁও জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত চালকৰ অনুজ্ঞাপত্ৰ,গাড়ী পঞ্জীয়নকে ধৰি বিভিন্ন কামৰ ক্ষেত্ৰত একাংশ দালালে বিভিন্ন জনক হাৰাশাস্তি কৰি অহাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here