নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক ‘নগাওঁৰত্ন’সন্মান প্ৰদান , জনপ্ৰতিনিধিয়ে ইচ্ছা কৰিলে অভূতপূৰ্ব পৰিৱৰ্তন সাধিব পাৰে , ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা ডঃ লক্ষীনন্দন বৰাৰ

    10
    151

    নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক ‘নগাওঁৰত্ন’সন্মান প্ৰদান , জনপ্ৰতিনিধিয়ে ইচ্ছা কৰিলে অভূতপূৰ্ব পৰিৱৰ্তন সাধিব পাৰে , ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা ডঃ লক্ষীনন্দন বৰাৰ
    ৱাহিদুদ জামান ,নগাঁও , ২৮ ফেব্ৰুৱাৰী : সমাজসেৱকৰ সেৱাৰ আৰ্দশ থাকিলে একো একোটা অঞ্চলৰ সামাজিক অৱস্থাৰ যথেষ্ঠ পৰিবৰ্তন আনিব পাৰি । একেদৰে এগৰাকী বিধায়কে যদি ভাবে উন্নতি হব লাগিব, তেন্তে নিশ্চিত ভাবে সমষ্টিৰ উন্নয়ন হব । সমাজ সেৱাৰ আদৰ্শ থকা আৰু কাম কৰাৰ প্ৰবল ইচ্ছা থকা সমাজ সেৱক আৰু বিধায়কে সমাজৰ অভূতপূৰ্ব পৰিবৰ্তন সাধিব পাৰে । তেনে এগৰাকী বিধায়ক হৈছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । আজি এই গৰাকী বিধায়কক মই নিজে সন্মান জনাবলৈ পায় এগৰাকী নগঞা হিচাপে অতি আনন্দিত হৈছো । নগাঁও সাংস্কৃতিক প্ৰকল্পত নগাঁও সন্মিলিত মঞ্চৰ উদ্যোগত বিধায়ক ৰূপক শৰ্মাক ” নগাঁও ৰত্ন ” সন্মান প্ৰদান কৰা অনুষ্ঠানত মূখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড: লক্ষীনন্দন বৰাই এই মন্তব্য কৰি কয়,এগৰাকী জন প্ৰতিনিধিয়ে প্ৰকৃততে যদি ৰাইজক ভাল পায়,তেন্তে বহু কাম কৰিব পাৰে । বৰাই নগাঁও কলেজত অধ্যাপনা কৰাৰ সময়ত নগাঁও চহৰৰ অবস্থাৰ কথা উল্লেখ কৰি কয় ,এই পাচটা বছৰত যথেষ্ঠ উন্নতি হৈছে । নগাঁও চহৰ এতিয়া অসমৰ এখন জাকত জিলিকা চহৰ । এসময়ত নগাঁৱৰ পৰা মূখ্যমন্ত্ৰী , বিত্তমন্ত্ৰী হৈছিল । তেতিয়া কিন্তু বিশেষ উন্নতি হোৱা নাছিল । এগৰাকী সমাজ সেৱকে একক ভাবে উন্নয়নৰ জৰিয়তে সামাজিক অৱস্থাৰ পৰিবৰ্তন ঘটাব পাৰে । আন্না হাজাৰেৰ কথা উল্লেখ কৰি ড: বৰাই কয় , আন্নাই এটা অঞ্চলৰ যথেষ্ট উন্নয়ন কৰিছিল । মহাত্মা গান্ধী জীয়াই থকা হলে কলেহেতেন , আমাক এনে সমাজ সেৱক লাগে । তেনে এজন সমাজ সেৱক হৈছে ৰূপক শৰ্মা । তেওঁ নগাঁৱৰ অভূতপূৰ্ব উন্নয়ন সাধিছে । একাংশ জন প্ৰতিনিধিৰ কথা উল্লেখ কৰি তেওঁ কয় , সৰ্বাঙ্গীন উন্নতিৰ কাম কৰাৰ ক্ষেত্ৰত বহু জন প্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰে। গ্ৰাম্য উন্নয়ন আচনিৰ কাম সঠিক ভাবে নকৰে, যাৰ বাবে পৰিকল্পনা অনুযায়ী গাৱৰ উন্নয়ন নহয় । এজন মন্ত্ৰীৰ কথা উল্লেখ কৰি মন্তব্য কৰে যে , মন্ত্ৰী জনৰ সমষ্টিত নগাঁৱৰ নিচিনা কাম কৰা নাই। তেওঁ লগতে কয় , এজন বিধায়কে অভূতপূৰ্ব পৰিবৰ্তন আনিব পাৰে । তেনে এজন বিধায়ক হল ৰূপক শৰ্মা । তেওঁৰ দৰে আন বিধায়কৰ কাম কৰাৰ আদৰ্শ অটল থাকিলে অসমৰ অভূতপূৰ্ব পৰিবৰ্তন হব । ৰূপক শৰ্মা অকল নগাঁৱৰে গৌৰৱ নহয় , অসমৰ গৌৰৱ বুলি মন্তব্য কৰি ড: বৰাই কয় , নগাঁও সচাকৈয়ে ভাল ঠাই । নগাঁৱৰ ৰাইজে গুনিক সন্মান কৰিব জানে । বিধায়ক হৈ থকা অৱস্থাত এনেদৰে বিধায়কক সন্মান প্ৰদৰ্শন কৰাৰ দৃষ্টান্ত নাই । ভাল বিধায়কৰ সংখ্যা কমি আহিছে । তাৰ মাজতো একাংশ ভাল বিধায়ক আছে । তেনে এজন ভাল বিধায়ক হল ৰূপক শৰ্মা । ৰূপক শৰ্মা মন্ত্ৰী হলে আৰু বহুত ভাল কাম কৰিব বুলি মন্তব্য কৰি বৰাই কয় , গনতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে দেশৰ উপকাৰ কৰিব পাৰি । ভাষণ প্ৰসংগত ডঃ বৰাই বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি কয়, “জালুকবাৰী বিধানসভা সমষ্টিত অভূতপূৰ্ব উন্নয়ন হৈছে। নগাঁও আৰু নলবাৰীত চাকৰিৰ পৰিষৰ কম বুলি উল্লেখ কৰি ড: বৰাই কয় , নগাঁও আৰু নলবাৰীত মানৱ সম্পদ গঢ়াৰ প্ৰচেষ্টা অব্যাহত আছে । দুয়োখন ঠাই মানৱ সম্পদত চহকী । নগাঁৱৰ সোনাই পাৰ আৰু সমগ্ৰ নগাঁও জিলাৰ কথা উল্লেখ কৰি তেওঁ কয় , নগাঁৱৰ মানুহক ভাল লাগে । ইয়াত মই বিশেষত্ব দেখো , মহত্ব দেখো । মই ৰহাৰ পৰা কলিয়াবৰলৈ এক জৰীপ চলাই আছো। ইয়াৰ আধাৰত মই এখন উপন্যাস লিখাৰ কাম শীঘ্ৰে আৰম্ভ কৰিম । নগাঁও ৰত্ন সন্মান গ্ৰহন কৰি বিধায়ক ৰূপক শৰ্মাই কয় ,আহি থকা দিনত ৰাইজৰ সেৱাৰ বাবে জিৰনি নোলোৱাকৈ সকলো কৰি যাম । মোৰ পিতৃ বলেন শৰ্মা আৰবান হাই স্কুলৰ প্ৰধান শিক্ষক আছিল , তেওঁ এটা সময়ত বাৰিৰ তামোল পিঠিত লৈ আমাক ডাঙৰ দীঘল কৰিছিল । দেউতাই কৈছিল জীৱনত বাচি লব লগীয়া দুটা পথ আছে , এটা ভাল,আনটো বেয়া পথ । বেয়া পথেদি গৈ মানুহে সহজে ধন ঘটিব পাৰে । কিন্তু বহু কষ্টৰ মাজেদি গৈহে ভাল পথ পাব পাৰি,ভাল পথত বাধা বিঘিনি বহু পোৱা যায় । ধৈয্যৰে আগবাঢ়ি গলে মানুহ লক্ষ্য স্থানত উপনীত হব পাৰে । নগাঁও ৰত্ন সন্মান লাভ কৰাৰ যোগ্যতা মোৰ একেবাৰে নাই বুলি উল্লেখ কৰি,ৰাইজৰ মৰম আশীৰ্বাদে মোক ওপচাই পেলোৱা আজিৰ দিনতো সবাতোকৈ মোৰ বাবে স্মৰনীয় দিন বুলি উল্লেখ কৰে । তেওঁ লগতে কয়,ৰাজনীতিলৈ আহিম বুলি ভবা নাছিলোঁ । ল’ৰালি কালত মতিৰাম বৰা,হলধৰ ভূঞা আদি মহান ব্যক্তি সকলে সমাজৰ বাবে কাম কৰা বিষয়বোৰ শুনি অনুপ্ৰাণিত হৈছিলো । তেতিয়া নগাঁৱৰ বাবে কাম কৰাৰ সপোন দেখিছিলোঁ । এতিয়া ৰাজনীতি লৈ আহি নগাঁও চহৰৰ লগতে নগাঁও সদৰ সমষ্টিক জাকত জিলিকা কৰি তুলিবলৈ চেষ্টা কৰিছো । এই পাচটা বছৰত এই সংকল্প বাস্তবায়িত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি কৰা নাই। অনুষ্ঠানত গবেষক পন্ডিত ড: নৰেন কলিতা,সাহিত্যিক ডা: দিলিপ বৰুৱা,ডা: কেশবানন্দ দেব গোস্বামী,দেবেন্দ্ৰ সিং চেহমী,অনিল শৰ্মা,ৰবি শংকৰ মজুমদাৰ,মুকিবুৰ ৰহমান,বিধায়ক গৰাকীৰ মাতৃ নিৰু দেবী আদিয়ে অংশ গ্ৰহণ কৰে।অনুষ্ঠানত শ্ৰীমন্ত শংকৰ মিশ্যন,সংগীত শিল্পী মঞ্চ,নগাঁও নাট্য সমিতি,নগাঁও বেঙ্গলী সন্মিলনী,খুটিকটীয়া কৃষ্টি বিকাশ সমিতি,নগাঁও গুৰুদ্ধাৰ প্ৰবন্ধক সমিতি,নগাঁও মাৰোৱাৰী সন্মিলন,গৰীয়া মৰীয়া জাতীয় পৰিষদ,গ্ৰাম্য পুথিভঁৰাল সন্থা,সুৰৰ পানচৈ শিল্পী সমাজকে ধৰি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে বিধায়ক গৰাকীক অভিনন্দন জনায় । কৃষ্ণ কিংকৰ খাটনিয়াৰে আত ধৰা অনুষ্ঠানৰ আৰাম্ভনিতে মৌচুমী শইকীয়াই বৰগীত পৰিবেশন কৰে।

    10 COMMENTS

    1. If you wish for to improve your know-how only keep visiting this site and be updated with the newest information posted here.

    2. OLE98 เว็บไซต์แทงบอลออนไลน์ ที่เปิดให้บริการมาอย่างนาน ไม่เคยมีประวัติเสีย เข้ามารับประสบการณ์ที่ดีจากการพนันบอล กับเว็บไซต์ที่มีความพร้อมเพรียงสำหรับในการให้บริการ
      มีความยั่งยืนทางด้านการเงิน
      เล่นได้จ่ายจริง ไม่มีกลั้น ทำเงินได้ต้องการถอนเงินตอนไหน ถอนได้ทั้งวัน ไม่จำกัดปริมาณครั้ง ถ้ากำเนิดปัญหาหรือมีเรื่องที่น่าสงสัยใดๆก็มีทีมงานที่พร้อมจะดูแล ให้ความช่วยเหลือลูกค้าตลอด 24ชั่วโมง สมัครเข้ามาพนันบอล ที่เว็บOLE98 รับโดยทันทีโบนัส100% จากยอดฝากทีแรก

    3. I really like what you guys are usually up too.
      This type of clever work and exposure! Keep up the good works guys I’ve added you guys
      to blogroll.

    4. Wonderful items from you, man. I have understand your stuff prior to and
      you’re simply too magnificent. I actually like what
      you have acquired here, really like what you’re saying and the
      best way wherein you say it. You make it enjoyable and you still care for
      to keep it smart. I cant wait to read much more from
      you. This is actually a tremendous site.

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here