নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই কোনে ৰাজহুৱা কৰিছে ধুবুৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ গোপন তথ্য ?
দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিৰ্পটাৰ,ধুবুৰী,২৬ ডিচেম্বৰ ঃ নৱম প্ৰতিবেদন পৰা – যি সময়ত চৰকাৰে নাকাম্মা-নিকম্মা বিষয়া-কৰ্মচাৰীৰ সকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উঠিপৰি লাগিছে,ঠিক তেনে সময়ত ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল জ্ঞানচান্দ ৰজকৰ বিৰুদ্ধে নাকাম্মা-নিকম্মাৰ অভিযোগ উঠিছে। সাধাৰণ জনতাই জানিবলৈ দিয়া মতে , ধুবুৰী ৰাজহ চক্ৰৰ লাট মণ্ডল জ্ঞানচান্দ ৰজকে সাধাৰণ ৰাইজৰ নিয়ম অনুসৰি কাম এটি কৰি দিয়াৰ পৰিৱৰ্তে আজি-কালি কৰিম দিম বুলি কৈ সাধাৰণ ৰাইজক হাৰাশাস্থি কৰাৰ অভিযোগ উঠিছে। চৰ্চা মতে , ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাযালয়ত জ্ঞান চান্দ ৰজক , নুৰ হক , শংকৰ দাস , হাকিম উদ্দিন আহমেদ , আব্দুল ৰশিদ , আব্দুল খালেক প্ৰধানী , মীনা ৰয় , মনচুৰ আহমেদ , ৰঞ্জিত দাস , আবুল হুছেইন , আনোৱাৰ হোছেইন , সুজিৎ সেনগুপ্তা , হজৰত আলী , আচমান আলী , দুৰ্গাদাস বড়ো (কাননগো)সহ প্ৰায় ১৭ জন লাট মণ্ডল কাননগো আছে যদিও সকলোৰে বিষয়ে গুৱাহাটীৰ পৰা প্ৰকাশ হোৱা এক বাতৰি কাকতত বাতৰি প্ৰকাশ হৈছিল । বাতৰিটোত জ্ঞানচান্দ ৰজকৰ নামো প্ৰকাশ হৈছিল। কিন্ত বাতৰিত জ্ঞানচান্দ ৰজকৰ বিৰুদ্ধে নাকাম্মা-নিকম্মাৰ বিষয়ে অভিযোগৰ এটা কথাও প্ৰকাশ নাপালে। যাৰ ফলত জ্ঞানচান্দ ৰজকে বাতৰি প্ৰকাশ কৰাৰ বাতৰি লৈ আনন্দত দিশহাৰা হৈ বান্দৰৰ নাচ আৰম্ভ কৰে ৰাজহ চক্ৰ কাৰ্ষালয়ত। যাৰ ফলত জ্ঞানচান্দ ৰজকে ধুবুৰী ৰাজহ চক্ৰ কাৰ্ষালয়ৰ গোপন তথ্য সাংবাদিকক দি জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চৰকাৰী ব্যৱস্থাৰ ষড়যন্ত্ৰ ৰচিছে বুলি সমগ্ৰ কাৰ্ষালয়ত থকা বাকী কৰ্মচাৰীৰ মনত সন্দেহৰ সৃষ্টি হৈছে। আন এক অভিযোগ মতে , ডি বি চি ২১!২০১৪!পি টি -২!৫৮ মেমো নম্বৰ যোগে জ্ঞানচান্দ ৰজকক ধৰ্মশালাৰ লাট মণ্ডল হিচাপে নিয়োগ কৰিছে যদিও মণ্ডল জ্ঞানচান্দ ৰজকে সাধাৰণ ৰাইজৰ নিয়ম অনুসৰি কাম এটি কৰি দিয়াৰ পৰিৱৰ্তে আজি-কালি কৰিম দিম বুলি কৈ সাধাৰণ ৰাইজক হাৰাশাস্থি কৰাৰ অভিযোগ উঠিছে। যাৰ ফলত লাট মণ্ডল জ্ঞানচান্দ ৰজকৰ বিৰুদ্ধে নাকাম্মা-নিকম্মাৰ অভিযোগেই প্ৰমাণ কৰিছে। আনহাতে , নতুনকৈ নিয়োগ হোৱা ৰাজহ চক্ৰ বাইদেউয়ে বৰ্তমান কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ফলত কোনো ধৰণৰ দালাল নাই বুলি কাৰ্ষালয়ৰ পৰা জানিব পৰা গৈছে। কিয়নো , বাইদেওয়ে নিজেই লাট মণ্ডল সকলৰ ওচৰত বহি সকলো কাম চোৱা চিতা কৰি থকাৰ বাবেই দালাল সকলে কাৰ্ষালয়ত সোমাবলৈ ভয় খাই আছে। মন কৰিবলগীয়া বিষয় হৈছে যে , চক্ৰ বিষয়া বাইদেড× যোগদান কৰিয়েই সকলো লাট মণ্ডলক লৈ এক গোপন সভা অনুষ্ঠিত কৰাৰ সময়ত লাট মণ্ডল জ্ঞানচান্দ ৰজকে ৰাজহ চক্ৰ বিষয়াক বেলেগ মণ্ডলৰ বিৰুদ্ধে নিজৰ ব্যক্তিগত শত্ৰুতাৰ গহনা লৈ বিভিন্ন অভিযোগ উত্থাপন কৰি হৈ চৈ কৰাৰ পাছতো অভিযোগৰ বিষয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ বাবেই মণ্ডল জ্ঞান চান্দ ৰজকে ধুবুৰী ৰাজহ চক্ৰ কাৰ্ষালয়ৰ গোপন তথ্য সাংবাদিকক দি জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চৰকাৰী ব্যৱস্থাৰ ষড়যন্ত্ৰ ৰচিছে বুলি সমগ্ৰ কাৰ্ষালয়ত থকা বাকী কৰ্মচাৰীৰ মনত সন্দেহৰ সৃষ্টি হৈছে। কিয়নো , ইয়াৰ আগতেওধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল জ্ঞানচান্দ ৰজকক অভদ্ৰ আচৰণত ৰাজহুৱা অভিযোগৰ ভিত্তিত নিলম্বন কৰা হৈছিল। আন এক অভিযোগ মতে , ছাত্ৰ ছাত্ৰী সকলৰ আৰ্থিক ভিত্তিক চাৰ্টিফিকেট দিয়াৰ নামত পাঁচ শ টকা উৎকোচ লোৱা বুলি লাট মণ্ডল হাফিজ উদ্দিনৰ বিৰুদ্ধে অভিযোগ উঠাৰ পিছতো লাট মণ্ডল হাফিজ উদ্দিনক কিয় নিলম্বন কৰা নহ’ল বুলি অভিযোগ উঠিছে। অভিযোগ মতে , ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল হাফিজ উদ্দিনৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰী সকলৰ আৰ্থিক ভিত্তিক চাৰ্টিফিকেট দিয়াৰ নামত পাঁচ শ টকা উৎকোচ লোৱা বুলি ভিডিঅ যোগে এক ব্যক্তিগত টি ভি চেনেলত দুই মাহ আগতে এক বাতৰি প্ৰচাৰ হৈছিল। উক্ত বাতৰিত ৰাজহুৱাভাৱে অভিযোগ উঠাৰ পিছতেই উক্ত মণ্ডলজনে কেমেৰাৰ সন্মূখতেই পাঁচ শ টকা লোৱা বুলি স্বীকাৰ কৰে যদিও সেয়া কোনো কামৰ বিনিময়ত লোৱা হোৱা নাছিল বুলি উক্ত মণ্ডলে উল্লেখ কৰে। প্ৰশ্ন হৈছে যে , লাট মণ্ডল হাফিজ উদ্দিনে কিয় চৰকাৰী কাৰ্যালয়ত পাঁচ শ টকা লৈছিল· যদি ঋণ লৈছিল , তেনেহ’লে ৰাজহুৱাকৈ কিয় তদন্তৰ মাধ্যমত প্ৰকাশ নকৰিলে· চৰ্চা মতে , লাট মণ্ডল নোমেজ উদ্দিনৰ স্থানত জ্ঞান চান্দ ৰজকক দিবলৈ একাংশ ৰাজনৈতিক দলৰ নেতাই তীব্ৰ হেচা প্ৰয়োগ কৰি আছিল যদিও কোনো সুফল নিদিয়াত অৱশেষে সাংবাদিকৰ সহায় লোৱা বুলি সন্দেহৰ সৃষ্টি হৈছে। যাতে নোমেজৰ ঠাইত জ্ঞানচান্দ ৰজকে কাম কৰিব পাৰে। কিন্ত ৰাইজৰ অভিযোগ মতে , জ্ঞানচান্দ ৰজক এগৰাকী নাকাম্মা-নিকম্মা লাট মণ্ডল। কিয়নো , জ্ঞানচান্দ ৰজকে বিভাগীয় নিয়ম নীতি মতে কেনেকৈ কাম কৰিব লাগে , সেই বিষয়ে একো কাম নাজানে। যাৰ বাবে ৰাইজৰ মাজত জ্ঞানচান্দ ৰজকক লৈ ৰাইজৰ যথেষ্ট অসন্তষ্টি থকাৰ পিছতো কিয় একাংশ ৰাজনৈতিক দলৰ পৰা জ্ঞানচান্দ ৰজকক লাট দিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে , ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত এক লাট মণ্ডলক ৰাজহুৱা অভিযোগত নিলম্বন কৰি আকৌ ৰাজনৈতিক নেতাৰ নিৰ্দেশত উক্ত লাট মণ্ডলক উক্ত কৰ্মত নিয়োগ কৰি প্ৰশাসনে মুকলি বেহা আৰম্ভ কৰিছে বুলি অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য মতে , ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল জ্ঞান চান্দ ৰজকক ৰাজহুৱা অভিযোগৰ ভিত্তিত ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে চলিত বছৰৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ডি পি এফ ১২!২০০৬!২৩৫ মেমো নম্বৰ যোগে উক্ত লাট মণ্ডল জ্ঞান চান্দ ৰজকক চাকৰিৰ পৰা নিলম্বন কৰিছিল। কিন্ত আকৌ হঠাৎ অদৃশ্য শক্তিৰ নিৰ্দেশ মতে চলিত বছৰৰ আঠ মে তাৰিখে ডি আৰ এছ ১৮!২০২০!৭ এ মেমো নম্বৰ যোগে উক্ত লাট মণ্ডল জ্ঞান চান্দ ৰজকক চাকৰিৰ পৰা নিলম্বন কৰা বিষয়টো উঠাই লোৱা হয় , মনকৰিবলগীয়া বিষয় হৈছে যে , যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আঠ মে তাৰিখলৈকে উক্ত লাট মণ্ডল জ্ঞান চান্দ ৰজকক নিলম্বন কৰি ৰখাৰ পিছত দৰমহাৰ পৰাও বঞ্চতি কৰি ৰাখিছিল নেকি· যদি ৰাখিছিল , তেনেহ’লে হঠাৎ চাৰ্ভিছ বুকত অকল ফেব্ৰুৱাৰী মাহৰ দৰমহা কাটি বাকী মাৰ্চ , এপ্ৰিল আৰু মে মাহৰ আঠ তাৰিখলৈকে দৰমহা উক্ত লাট মণ্ডল জ্ঞান চান্দ ৰজকক দি দিয়ে· এতিয়া প্ৰশ্ন হৈছে যে , জ্ঞান চান্দ ৰজকক মাৰ্চ , এপ্ৰিল আৰু মে মাহৰ আঠ তাৰিখলৈকে চাকৰিৰ পৰা নিলম্বন হোৱাৰ পিছতো কিয় দৰমহা দিয়া হ’ল· যদি কভিডৰ প্ৰভাৱত উক্ত লাট মণ্ডলৰ সংসাৰত অসুবিধা হৈছিল , তেনেহ’লে উক্ত লাট মণ্ডলক নিলম্বন কিয় কৰিছিল· যদি উক্ত লাট মণ্ডলজেন অভদ্ৰ আচৰণত নিলম্বন হৈছিল , তেনেহ’লে হঠাৎ অভদ্ৰ আচৰণ মুক্ত হ’ল নেকি·যদি উক্ত লাট মণ্ডল অভদ্ৰ আচৰণৰ পৰা মুক্ত হৈছে , তেনেহ’লে আকৌ কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজৰ লগত অভদ্ৰ আচৰণৰ অভিযোগ কিয়· লাট মণ্ডলজনৰ বিৰুদ্ধে অভদ্ৰ আচৰণ কৰাৰ অভিযোগ উঠিছে। অভিযোগ মতে , নিজৰ কাৰ্যালয়ত থকা আন কৰ্মচাৰীৰ লগত অভদ্ৰ আচৰণ কৰাৰ লগতে এক ৰাজনৈতিক দলৰ নেতা হিচাবে নিজকে জহাই ফুৰিছে। উক্ত লাট মণ্ডলজনে উপায়ুক্ত আৰু চক্ৰ বিষয়াক সন্তষ্ট কৰিবলৈ বিভিন্ন কূট কৌশল কৰি দুটা বা তাতকৈ বেছি লাট নিজৰ দায়িত্বত ল’বলৈ উঠিপৰি লাগিছে। এনেকুৱা ঘটনা দেখি সকলোৰে চকু কপালত উঠিছে। মনকৰিবলগীয়া বিষয় হৈছে যে , ২০১৪ চনৰ আগত ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰিৱেশ সুন্দৰ আছিল যদিও হঠাৎ কিয় এক অপৰিৱেশ গঢ়ি উঠিলে , সেয়াই এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। এই বিষয়ে ধুবুৰী জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাধাৰণ ৰাইজে বিনম্ৰভাৱে অনুৰোধ কৰিছে। কিয়নো , ধুবুৰীৰ ৰাইজে ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে কামনা কৰাৰ লগতে সহায় সহযোগিতাও কৰি আছে বুলি মত প্ৰকাশ কৰে। কোন কোন লাট মণ্ডলে কেনেকৈ আৰু কেনেকুৱা অপকৰ্মৰ লগত জড়িত আৰু আঁৰত কি ৰহস্য লুকাই আছে· সকলো তথ্য ফাদিল কৰিম পৰৱৰ্তী সংখ্যাত।