নীলবাগানত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্যঃ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এজন উগ্ৰ সাম্প্ৰদায়িক ব্যক্তি

0
117

নীলবাগানত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্যঃ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এজন উগ্ৰ সাম্প্ৰদায়িক ব্যক্তি

জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ২১ জানুৱাৰীঃ অহা বিধানসভা নিৰ্বাচনত ৰাজনৈতিক যুদ্ধ হ’ব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ৷ মন্ত্ৰী শৰ্মা এজন উগ্ৰ সাম্প্ৰদায়িক ব্যক্তি ৷ এই মন্তব্য নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ উল্লেখ্য যে, যোৱা নিশা নীলবাগানত নৈশ ফুটবল টুৰ্ণামেন্টৰ আমন্ত্ৰণ ৰক্ষা কৰি সাংসদ গৰাকীয়ে সভাত ভাগ লোৱাৰ পিছত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বহু কেইটা বিস্ফোৰক অভিযোগ কৰাৰ লগতে ৰাইজৰ দল আৰু অখিল গগৈৰ কৃষক মুক্তিৰ বিৰুদ্ধেও মন্তব্য কৰে নগাঁৱৰ সাংসদ গৰাকীয়ে ৷ সাংসদ বৰদলৈয়ে কয়– অখিল গগৈৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আগতে এআইইউডিএফৰ লগত একেলগে একেখন মঞ্চত কাম কৰিছিল ৷ কিন্তু আজি হঠাৎ আজমলৰ এআইইউডিএফ দল কেনেকৈ বেয়া হল বুলি প্ৰশ্ন উত্থাপন কৰে ৷ এতিয়া হঠাৎ কিয় আজমলক সাম্প্ৰদায়িক দল বুলি আখ্যা দিছে অখিল বাহিনীয়ে ? বুধবাৰে নিশা হোজাইৰ নীলবাগানত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰদ্যুৎ বৰদলৈয়ে অসমত বিজেপি চৰকাৰ আৰু বিশেষকৈ মন্ত্ৰী হিমন্ত শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে ৷ উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত ডবকাত ৰাইজৰ দলৰ এখন যোগদান সমাৰোহ কাৰ্যসূচীত ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়া আৰু কৃষক মুক্তিৰ নেতা ৰাজু বৰাই বিজেপিৰ সমানে কংগ্ৰেছ-এআইইউডিএফৰ বিৰুদ্ধে মন্তব্য কৰিছিল ৷ পিছে একেই নিশা ৰাইজৰ দলৰ নেতাসকলে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে সাংসদ বৰদলৈয়ে ৷ বৰদলৈয়ে লগতে কয়– কংগ্ৰেছ-এআইইউডিএফ আৰু বাওঁ দলবোৰৰ সৈতে মিত্ৰতা হোৱাত হঠাতে দেখোন আজমলৰ এআইইউডিএফ দল সাম্প্ৰদায়িক হ’ল, সেয়া তেওঁলোকৰ কথা, ৰাইজে বিচাৰ কৰিব কোন সাম্প্ৰদায়িক আৰু কোনে সাম্প্ৰদায়িক শক্তিক সাৰপানী যোগাইছে ৷ লগতে ৰাইজৰ দলে অসমত বিজেপিৰ ‘বি’ টিম হৈ মানুহক প্ৰতাৰণা কৰিবলৈ যোৱা নাইতো বুলিও প্ৰশ্ন উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷ আগন্তক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ ইপিনে, সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ বৰদলৈয়ে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এজন উগ্ৰ সাম্প্ৰদায়িক ব্যক্তি ৷ তেওঁ যিকোনে কথা কব পাৰে ৷ তেওঁৰ লাজ নাই বুলি উল্লেখ কৰে সাংসদ বৰদলৈয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here