নৰ্থ ইষ্ট ইউনিক কলিগ্ৰাফিৰ দেৰগাঁও শাখাৰ দ্বাৰ মুকলি

    0
    49

    নৰ্থ ইষ্ট ইউনিক কলিগ্ৰাফিৰ দেৰগাঁও শাখাৰ দ্বাৰ মুকলি

    দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও ,৮ মাৰ্চঃ ছাত্ৰ ছাত্ৰী সকলৰ মনোযোগ বৃদ্ধি, মানসিক ব্যায়াম আৰু প্ৰভাৱিতকৰণৰ প্ৰশিক্ষণৰ বাবে প্ৰতিস্থিত সংস্থা নৰ্থ ইষ্ট ইউনিক কলিগ্ৰাফিৰ দেৰগাঁও নৰ্থ ইষ্ট ইউনিক কলিগ্ৰাফিৰ এটি শাখা দেৰগাঁৱৰ নাৰিকলগুৰিত শুভাৰম্ভ কৰা হয়। এই উপলক্ষে শাখাটোৰ ফিটা কাতি দ্বাৰ মুকলি কৰে দৈনিক জনমভূমি কাকতৰ দেৰগাঁৱৰ সাংবাদিক কুমুদ বৰাই।দেৰগাঁও শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য বশিষ্ঠ কাকতিয়ে আঁত ধৰা আৰু মিলনপুৰ চি ই চিৰ সঞ্চালক পবিত্ৰ কলিতাই পৰিচালনা কৰা এই দ্বাৰ মুকলি অনুষ্ঠানত নৰ্থ ইষ্ট ইউনিক কলিগ্ৰাফিৰ গোলাঘাট জিলাৰ তত্বাৱধায়ক মৌচুমী শৰ্মাই ৬ বছৰৰ পৰা ১৪ বছৰৰ ছাত্ৰ ছাত্ৰী সকলক এই কেন্দ্ৰত ১৪ দিনীয়া এক প্ৰশিক্ষণৰ জৰিয়তে হাতৰ আখৰ উন্নতিকৰণ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কি দৰে পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় তাৰ এক প্ৰশিক্ষণ প্ৰদান কৰা কথা উল্লেখ কৰে। দ্বাৰ মুকলি অনুষ্ঠানত সমাজকৰ্মী চাহাবুদ্দিন আহমেদ, দেৰগাঁওস্থিত ডায়েটৰ কৰ্মচাৰী জিসান জংগম বৰা,নেকিবুৰ ৰহমান, ভাস্কৰ পূজাৰী সংবাদকৰ্মী বিদ্বান বৰদলৈকে ধৰি দেৰগাঁৱৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকি গঠনমূলক পৰামৰ্শ আগবঢ়াই ।শাখাটোৰ প্ৰশিক্ষক ছৈয়দ চাকিল মাৰোফ ৰাজাই শাখাটো আগবঢ়াই নিয়াত সকলোৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলক ৮৬৩৮০৮৬১৮১ অথবা ৬০২৬৭১৪৪৪৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here