পাঠশালাত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশন

    0
    77

    পাঠশালাত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশন

    শিক্ষকৰ বিভিন্ন সমস্যা, বিদ্যালয়ত শিক্ষক নিয়োগ আদি দাবীৰে সমৰণি পৰিল সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংন্থাৰ ২৯সংখ্যক দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশন
    দুৰ্নীতিৰ দৰ্পণ সেৱা , বজালীৰ পৰা ৰাজীৱ চৌধুৰীঃ শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসুচীৰে বজালী জিলাৰ পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ আয়োজন সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ২৯ সংখ্যক দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশন সামৰণি পৰে ৷ অধিবেশনত শিক্ষক সংস্থাৰ প্ৰধান সম্পাদক দ্বীপেন শৰ্মাই জানিবলৈ দিয়ে বত্তমান মধ্য ইংৰাজা বিদ্যালয় সমুহত বিজ্ঞান শিক্ষকৰ খালি হৈ থকা পদ , চতুৰ্থ কৰ্মচাৰীৰ খালি হৈ থকা পদ সমুহত অতি সোনকালে নিযুক্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে , ৰাজ্যখনৰ টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ লগতে বেতন সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷ আনহাতে , আজি সামৰনি পৰা অধিবেশনৰ মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংন্থাৰ সভাপতি মুকুল কুমাৰ বৰাই ৷ সংস্থাৰ শিক্ষকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ উন্মোচনৰ পিছত প্ৰাক্তন বিধায়ক পবীন্দ্ৰ ডেকা , বজালী জিলাৰ আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰে দাস,আৰক্ষী বিষয়া বিৰিঞ্চি বৰা আদিকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে সমাজত শিক্ষক আবদান তথা শিক্ষক সকলৰ সমস্যা আদিৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ আনহাতে , আজি পুৱাৰ ভাগত স্মৃতি তৰ্পন,শ্বহীদ তৰ্পন,বন্তি প্ৰজ্বলন,গছপুলিৰোপন আদি অনৃুষ্টানৰ উপৰিও অনুষ্টানৰ লগত সংগতি ৰাখি ২৯পতাকা উত্তোলন কৰা হয় ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here