পীয়ুষ হাজৰিকাক লগত লৈ মৰিগাঁৱত বিশাল সমৰ্থকৰে মনোনয়ন পত্ৰ দাখিল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ , কংগ্ৰেছে মৰিগাঁও সমষ্টিটোক এইবাৰ ৰমাকান্ত দেউৰীক উপহাৰ দিলেঃ পীয়ুষ হাজৰিকা

    0
    110


    পীয়ুষ হাজৰিকাক লগত লৈ মৰিগাঁৱত বিশাল সমৰ্থকৰে মনোনয়ন পত্ৰ দাখিল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ , কংগ্ৰেছে মৰিগাঁও সমষ্টিটোক এইবাৰ ৰমাকান্ত দেউৰীক উপহাৰ দিলেঃ পীয়ুষ হাজৰিকা , অসমৰ ভিতৰতে ৰেকৰ্ড কৰি মৰিগাঁও সমষ্টিত বিজয়ী হ’বঃ ৰমাকান্ত দেউৰী

    ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১০ মাৰ্চ : ৰাজ্যত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে মৰিগাঁৱত আজি বিশাল সমাৱেশেৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। এক উদুলি মুদুলি পৰিৱেশৰ মাজেৰে বিশাল দলীয় সমৰ্থকক লগত লৈ আজি দিনৰ ভাগত মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে মৰিগাঁও ৮০ নং বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে। বিধায়ক ৰমাকান্ত দেউৰীৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ত ১৫ সহস্ৰাধিককৈও অধিক দলীয় সমৰ্থকে সংগ দিয়াৰ উপৰিও জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা, তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে মৰিগাঁও গণ পৰিষদৰ সভাপতি শান্তনু শৰ্মাই সংগ দিয়ে। উল্লেখ্য যে- দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিধায়ক ৰমাকান্ত দেউৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰা উদ্দেশ্যৰে আজি মৰিগাঁও স্কুল খেল পথাৰত এক বিশাল সমৰ্থকৰ উপস্থিতিত অংশ গ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই সমৰ্থকৰ আগত ভাষণত কয় যে-মৰিগাঁও সমষ্টিটোত ৰমাকান্ত দেউৰীয়ে বহু ভোটৰ ব্যৱধানত জয়ী হ’ব। ৰমাকান্ত দেউৰীৰ লগত হাজাৰ হাজাৰ সমৰ্থক আছে। গতিকে ৰমাকান্ত দেউৰীৰ লগত কোনো দল বা কংগ্ৰেছৰ মহাজোঁট বন্ধনে তিষ্টিব নোৱাৰে। চিপিআইৰ দৰে গণভিত্তি নথকা দলক মৰিগাঁও সমষ্টিটোক কংগ্ৰেছে এৰি দি এইবাৰ বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীক কংগ্ৰেছে উপহাৰ হিচাপে মৰিগাঁও সমষ্টিটোক এৰি দিলে বুলি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য কৰে। সমৰ্থকৰ সন্মূখত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে- মৰিগাঁও সমষ্টিৰ ৰাইজৰ মৰম বিজেপিৰ প্ৰতি আছে। ৰাইজৰ মৰমে এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক অসমৰ ভিতৰতে এক ৰেকৰ্ড সুচনা কৰি জয় লাভ কৰিবলৈ সক্ষম হ’ব বুলি দেউৰীয়ে আজি মনোনয়ন দাখিলৰ পূৰ্বে মন্তব্য কৰে। আনহাতে, আজি দিনৰ ভাগত দলীয় নেতা-কৰ্মী সকলে ঢোলে ডগৰে, বেন্ডপাৰ্টি, বিহুনৃত্যকে ধৰি বিজেপি গীতৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি স্কুল খেল পথাৰৰ পৰা এক বিশাল শুভাযাত্ৰা কৰে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ। চৌদিশে এক উদুলি মুদুলি পৰিৱেশ।ৰাজপথত বিজেপি জিন্দাবাদ ধ্বনি।এনে পৰিৱেশৰ মাজতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীকে ৰিটাৰ্ণিং বিষয়াৰ ওপৰত মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে দেউৰীয়ে উপায়ুক্ত কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি কয় যে- মই এশ শতাংশ জয়ী হম। ৰাইজৰ এই বিপুল সহযোগীতাই আমাক আগুৱাই দিছে। এই জয় অনিবাৰ্য। প্ৰাৰ্থী গৰাকীয়ে তেওঁ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি সাংসদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here