পেট্ৰ-পণ্যৰ অস্বাভাৱিক মূল্য বৃদ্ধিঃ বিৰোধী নিস্তেজ

    0
    106

    পেট্ৰ-পণ্যৰ অস্বাভাৱিক মূল্য বৃদ্ধিঃ বিৰোধী নিস্তেজ

    জমিৰ উদ্দিন তালুকদাৰ

    পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি এতিয়া আৰু বাতৰিৰ বিষয় হৈ থকা নাই ৷ ঠিক তেনেকৈ প্ৰতিবাদৰো বিষয় নহয় ৷ এতিয়া দৈনিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ঘটিয়েই আছে ৷ মানুহে প্ৰতিবাদ কৰিলে কোন দিনৰ বাবে কৰিব ? সেয়ে চাগে সকলো মৌন ! পূৰ্বৰ ইউপিএ চৰকাৰৰ সময়ত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ’লেই সকলো একেলগে ৰাজপথত নামি পৰিছিল ৷ বিজেপিৰ লগত একেলগে, একে মঞ্চত বাঁও দলেও সহযোগ কৰি প্ৰতিবাদ কৰিছিল ৷ গুগলত সন্ধান কৰিলে সেই সময়ৰ বাতৰি, প্ৰতিবাদৰ দৃশ্যবোৰ ওলাই পৰিব ৷ অসমতো বহুতে চাইকেল চলাই, গৰু-ঘোঁৰা গাড়ী চলাই প্ৰতিবাদ কৰিছিল ৷ সেই মুখবোৰ আমাৰ মনত আছে ৷ আজি সেই নেতাবোৰৰ মুখত যেন কোনোবাই চেলুটেপ লগাই থৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৩ চনৰ সাধাৰণ নিৰ্বাচনত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিক (সেই সময়ত পেট্ৰলৰ মূল্য আছিল ৭৩ টকা, ডিজেলৰ ৫৩ টকা) লৈ বৰ বৰ ভাষণ দিছিল ৷ জনতাক সুদিনৰ আশ্বাস দিছিল ৷ কিন্তু সকলো ফুটুকাৰ ফেন হল ৷ আজি পেট্ৰলে অসমত শতকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে ৷ যিকোনো সময়ত চেঞ্চুৰী কোবাব পেট্ৰলে ৷ পিছে পিছে ডিজেলেও ৷ পেট্ৰ-পণ্যৰ মূল্যবৃদ্ধিৰ ফলত গাড়ী ভাৰাও বৃদ্ধি হৈছে ৷ অন্য সামগ্ৰীৰ ওপৰতো প্ৰভাৱ পৰিছে ৷ ২০১৩ চনত বিৰোধীৰ আসনত থকা সকল আজি শাসনত ৷ কিন্তু পেট্ৰল-পণ্যৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ যেন পাহৰিছে ৷ নিজৰ শ্লগানবোৰ ইমান সোনকালে পাহৰিব পৰাটো নেতাৰ কলা ৷ পেট্ৰল-ডিজেলৰ লগত চৰকাৰী বিভিন্ন কৰ-কাটলৰ লগতে শেহতীয়াভাৱে কভিড টেক্সো সংযোজন কৰি দুগুণ মাধমাৰ সোধাইছে জনতাৰ ওপৰত ৷ কিন্তু প্ৰতিবাদী কণ্ঠবোৰ যেন শুকাই গল ৷ কি বাঁও দল, কি কংগ্ৰেছ কি অন্য বিৰোধী সকলো যেন নিস্তেজ ৷ পেট্ৰল-ডিজেলৰ মূল্য ৰোধ কৰিবলৈ চৰকাৰক বাধ্য কৰিব পৰা বিৰোধী শক্তিবোৰ একেবাৰে নিশকতীয়া হৈ পৰা যেন অনুভৱ হয় ৷ দিল্লীৰ কৃষক আন্দোলনে চৰকাৰৰ বৰঘৰ কঁপাবলৈ সক্ষম হৈছে, কিন্তু শাসন-ক্ষমতালৈ আহিবলৈ বিৰোধী ৰাজনৈতিক দলবোৰে পেট্ৰ-পণ্যৰ অস্বাভাৱিক মূল্যবৃদ্ধিক লৈ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ কোনো সুস্থ, দীৰ্ঘম্যাদী প্ৰতিবাদৰ যেন কোনো পৰিকল্পনাই নাই ৷ বিৰোধী ৰাজনৈতিক দলে দিল্লীৰ কৃষকৰ পৰা আন্দোলন শিকক ৷ বিৰোধী দলে এক সুস্থ আৰু দীৰ্ঘম্যাদী আন্দোলন গঢ়ি নুতুলিলে পেট্ৰ-পণ্যৰ অনিয়ন্ত্ৰিত বজাৰে সাধাৰণ জনতাক কোঙা কৰিব, সেয়া নিশ্চিত ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here