প্ৰগতিশীল নাৰী সন্হাৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন , জীৱন জীৱিকা সখীৰ লগতে জিলা খনৰ বিভিন্ন স্থানত নাৰী দিৱস উদযাপন

    0
    85

    প্ৰগতিশীল নাৰী সন্হাৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন , জীৱন জীৱিকা সখীৰ লগতে জিলা খনৰ বিভিন্ন স্থানত নাৰী দিৱস উদযাপন , একাঙ্কি নাটকৰ জৰিয়তে নাৰীক মৰ্য্যদা দিবলৈ আহাব্বান জুৰিয়াত

    ষ্টাফ ৰিপৰ্টাৰ , নগাঁও,মুস্তাফা ছালিম আহমেদ, ৮ মাৰ্চ: সদৌ অসম প্ৰগতিশীল নাৰী সন্হাৰ উদ্যোগত আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্হাৰ দলংঘাট ব্লক সমিতিৰ সহযোগত ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস দলংঘাট ব্লকৰ বৰছিলা গাঁও পঞ্চায়তৰ কহুঁৱাটী সামূহিক ভৱনত ৰূপায়ন কৰা হয় বুলি সদৌ অসম প্ৰগতিশীল নাৰী সন্হাৰ অবিভক্ত নগাঁও জিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে পৰী কুমাৰী বৰুৱা আয়েফা বেগমে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে। বিবৃতিত নেত্ৰীদ্বয়ে মাইক্ৰ’ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ ৰেহাই, নাৰীৰ নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰা জীৱন জীৱিকা আৰু জীয়াই থকা অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এই দিৱস আয়োজন কৰা হয় বুলি উল্লেখ কৰে । সভাত অংশগ্ৰহন কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্হাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে যোৱা পাঁচটা বছৰত ৰাজ্যৰ বিজেপি চৰকাৰ খনে সমগ্ৰ ৰাইজৰ লগতে বিশেষ ভাৱে গ্ৰামীণ শ্ৰমজীৱি দুখীয়া ৰাইজৰ জীৱন আৰু জীৱিকাৰ বিষয়টো পিঠি দিছে আৰু নিৰ্বাচনী বতৰত বিভিন্ন নগদ ধনৰ আচঁনিৰে হিতাধিকাৰী সৃষ্টি কৰি ভোটৰ ৰাজনীতিহে কৰিছে বুলি উল্লেখ কৰি অসম তথা দুখীয়া ৰাইজক সুৰক্ষিত কৰিবলৈ বিজেপিক ক্ষমতাচ্যুত কৰিব লাগে বুলি মতামত ব্যক্ত কৰে। শ্ৰমিক সন্হাৰ অন্যতম নেতা স্বপন হাজৰিকাই নাৰী সমাজক ঋণমুক্ত ঘোষণা কৰিব নোৱাৰাতো আৰু মাইক্ৰ’ফাইনেন্সৰ বিধেয়ক খন আইনলৈ ৰূপান্তৰ কৰিব নোৱাৰাতো বিগত চৰকাৰ খনৰ চৰম ব্যৰ্থতা বুলি কয়। নাৰী সন্হাৰ নেত্ৰী তথা সমাজ সেৱিকা জোনামনি বৰদলৈ আৰু সোনমাই হীৰাই পৰিচালনা কৰা সভাত উচিত নাথ ,চম্পা দেউৰী,পৰী কুমাৰী বৰুৱা, আয়েফা বেগম,উমা পাটৰে বক্তব্য প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ প্ৰায় দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আভিযানৰ জুৰীয়া খণ্ডৰ অন্তৰ্গত অসমী মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদোগত আজি থিয়টাঙনী পুথিভঁৰাল প্ৰাঙ্গণত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ছাফাই অভিযানৰ পিছত মহিলা সকলে হাতে হাতে প্লেটকাৰ্ড লৈ মদ,ড্ৰাগছ, বন্ধ কৰক,নাৰীক সন্মান কৰক,বাল্য বিবাহ বন্ধ কৰক এক শোভাযাত্ৰা অন্তত স্থানীয় জীৱিকা সখী সকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ দিলীপ বৰদলৈৰ পৰিচালনাত “নাৰীৰ মৰ্যাদা” এক সুন্দৰ নাট মঞ্চস্থ কৰে। নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ আগধৰা মুকলি সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আভিযানৰ জুৰীয়া খণ্ডৰ ব্লক প্ৰজেক্ট মেনেজাৰ কুমুদ দাস, ব্লক সমন্বয়ক জিতুমনি ডেকা, জুৰীয়াৰ বিশিষ্ট চিকিৎসক ডাঃ তফাজ্জুল হুছেইন, ডি ডি ইউ জি কে ৱাইৰ মাৰ্কাজুল মা’আৰিফৰ মবিলাইজ হেড মাজিদুল ইছলাম উপস্থিত থাকি ভাষণ প্ৰদান কৰে। জীৱিকা সখী চুমি ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বেংক মিত্ৰ বিনীতা শইকীয়া, জীৱিকা সখী গুল নেহাৰ, জোশ্বনাৰা খাতুন,মণ্ডল সংগঠনৰ সভানেত্ৰী,সম্পাদিকা সকল উপস্থিত থাকে। আনহাতে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত সোমবাৰে মহাবিদ্যালয় খনৰ মহিলা কোষ(women cell)ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মহাবিদ্যালয় খনৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্যে ব্যখ্যা কৰে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা ৰানী বৰাই। সভাত অধ্যাপিকা ডঃ বিনা কলিতা আৰু শ্বামিমা চুলতানা খণ্ডকাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ছাত্ৰী সকলক নৈতিক শিক্ষাৰে শিক্ষিত হৈ সমাজত আগবাঢ়ি যাবলৈ আহ্বান জনাই। অনুষ্ঠানটিত মহাবিদ্যালয় খনৰ অধ্যাপক দিলীপ ভূঞা, দেৱজিৎ মহন্ত, হেময়ন্তী ডেকা, লিপিকা আফৰুজকে, কাৰ্যালয় সহায়ক বিনোদ বৰা, প্ৰাক্তন ছাত্ৰ দিব্যজ্যোতি বৰুৱাৰ লগতে দুই শতাধিক ছাত্ৰী উপস্থিত থাকে। লগতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খাগৰিজান উন্নয়ন খণ্ডৰ জাগ্ৰীতি মণ্ডল সংঘৰ উদ্যোগত নগাঁও জিলাৰ মাজৰআটীত আজি বৰ্নাঢ্য কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নাৰী দিৱসৰ পুৱা বন্তি প্ৰজ্বলন কৰে ৰুনুমী গোস্বামীয়ে। পাছত অঞ্চলটোৰ মহিলা সকলৰ মাজত অসমীয়া সাজ পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মাজৰআটী ৰাজহুৱা মঞ্চত পুৱাৰে পৰা অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ পাছত অনুষ্ঠিত সভাত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই সংগ্ৰামেৰে নিজক উজ্বলাই তোলা বিশ্বৰ নাৰী সকলক সোৱৰণ কৰি তেওঁলোকৰ আদৰ্শ গ্ৰহণ কৰি নাৰী সকলক সমাজত কাম কৰিবলৈ আহ্বান জনাই। জাগ্ৰীতি মণ্ডল সংঘৰ কাৰ্যকৰ্তা মুনমী ফুকন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিষয়বস্তু বিশেষজ্ঞা জুলি শৰ্মা, শ্বহীদ চন্দন সিং হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী শিখা মালা বৰা, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ চিকিৎসা বিষয়া ডা০ নিলোফা হাছান, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা কাৰ্যকৰ্তা মফিদুল হুছেইনী, খাগৰিজান উন্নয়ন খণ্ডৰ প্ৰকল্প বিষয়া মিন্টু ডেকা, সমন্বয়ক ৰুনুমী গোস্বামীয়ে ভাষন প্ৰদান কৰে। অনুুষ্ঠানটিত ভোটাই পাথৰি জিলা পৰিষদৰ সদস্যা গীতাঞ্জলি হাজৰিকা, ৰঙাগড়া গাঁও পঞ্চায়ৰ সভানেত্ৰী ফাতেমা খাতুন, কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কাৰ্যকৰ্তা ষ্টিফা লখনাৰী, নিলোৎপল বৰা, খাগৰিজান উন্নয়ন খণ্ডৰ কৰ্মকৰ্তা শান্তনু শইকীয়া, ডেইজী হাজৰিকা আৰু কৃষি কৰ্ম অভিজ্ঞতাৰ অনুষ্ঠানৰ অধীনত নগাঁৱত প্ৰশিক্ষণলৈ থকা অসম কৃষি বিশ্ববিদ্যালয় অন্তৰ্গত উদ্যান শস্য মহাবিদ্যালয়ৰ ২১ গৰাকী ছাত্ৰ ছাত্ৰীকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক মহিলা উপস্থিত থাকে। অনুুষ্ঠানটিত বুলু বৰাৰ বৰগীত পৰিৱেশন, সুৰ তৰু কলা কেন্দ্ৰৰ খোল বাদন, অসম কৃষি বিশ্ববিদ্যালয় অন্তৰ্গত উদ্যান শস্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সমবেত সংগীত, মানৱী বৰাৰ কবিতা আবৃত্তি আদি বিভিন্ন সাংস্কৃতিক কাাৰ্যক্ৰমণিকাৰ সমাহাৰ ঘটে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here