প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আগমণৰ দিনটোতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ জিলা আৰু মহকুমা সদৰত চৰকাৰ বিৰোধী প্ৰতিবাদ

    0
    76

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আগমণৰ দিনটোতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ জিলা আৰু মহকুমা সদৰত চৰকাৰ বিৰোধী প্ৰতিবাদ

    প্ৰতিবেদক মনজিৎ দাস হাউলী , ২২ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰা,বৃহৎ নদী বান্ধৰ সমস্যা সমাধান কৰা আৰু বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি বৰপেটাতো আছুৱে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰ বৰপেটা় চহৰত আছুৱে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । ক’লা বেজ পৰিধান কৰি আৰু ক’লা পতাকা উৰুৱাই বৰপেটা জিলা ছাত্ৰসন্থাৰ কৰ্মীসকলে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷ ইপিনে , ড° হিমন্ত বিশ্ব শৰ্মাই চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী হিচাপে চুক্তি ৰূপায়নৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা লোৱাটো দূৰৈৰ কথা সম্প্ৰতি চুক্তিক লৈ ৰাইজৰ মাজত বিভ্ৰান্তি বিয়পাবলৈহে চেষ্টা চলোৱা বুলি অভিযোগ তোলে বৰপেটা জিলা ছাত্ৰসন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here