প্ৰাক্তন কে এল অ’ৰ জলন্ত সমস্যা সমাধানৰ দাবী , তামাৰহাটত সংবাদ মেল প্ৰাক্তন কে এল অ’ সমন্বয়ৰক্ষী মৰ্চাৰ

0
272

প্ৰাক্তন কে এল অ’ৰ জলন্ত সমস্যা সমাধানৰ দাবী , তামাৰহাটত সংবাদ মেল প্ৰাক্তন কে এল অ’ সমন্বয়ৰক্ষী মৰ্চাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰুহুল আমিন সেখ , তামাৰহাট , ৯ ফেব্ৰুৱাৰী : প্ৰাক্তন কে এল অ’ সদস্য সকলৰ জলন্ত সমস্যা সমুহ অতি শীঘ্ৰে সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে প্ৰাক্তন কে এল অ’ সমন্বয়ৰক্ষী মৰ্চাই । এই উদ্যেশে প্ৰাক্তন কে এল অ’ সমন্বয়ৰক্ষী মৰ্চাই আজি তামাৰহাটত এক সংবাদমেল অনুষ্ঠিত কৰে ।সংবাদমেল সন্বোধন কৰি প্ৰাক্তন কে এল অ’ৰ নেতৃবৃন্দই কয় যিহেতু অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ হকে অসম চৰকাৰে শেহতীয়াকৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিবলৈ লৈছে সেয়ে স্বাধীন কমতাপুৰ ৰাজ্য গঠনৰ বাবে হাতত অস্ত্ৰলৈ সংগ্ৰাম কৰা কে এল অ’ৰ প্ৰাক্তন সদস্যক কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালিন পৰিষদত মূখ্য ভূমিকা প্ৰদান কৰিব লাগে । সংবাদ মেলত ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং জিলাৰ কে এল অ’ৰ নেতৃবৰ্গ উপস্থিত থাকে। সংবাদ মেলত উপস্থিত থকা প্ৰাক্তন কে এল অ’ৰ শীৰ্ষ নেতৃত্বই কয় যে, যে বিগত সময়চোৱাত কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা সমুহ সমাধান আৰু পৃথক স্বাধীন কমতাপুৰ ৰাজ্য গঠনৰ দাবীত হাতত অস্ত্ৰ লৈ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়া কে এল অ ৰ নেতৃত্বই চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই চৰকাৰৰ লগত আলাচনা কৰি সমস্যা সমুহ সমাধানৰ উদ্যেশে অস্ত্ৰ সম্বৰণ কৰে । কিন্তু আলোচনা দূৰৰ কথা প্ৰাক্তন কে এল অ’ৰ সদস্য সকলক চৰকাৰে আজিলৈকে কোনো ধৰণৰ গুৰুত্বই নিদিলে । ফলত প্ৰাক্তন কে এল অ’ সদস্য সকলৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছেগৈ । সেয়ে কোচ -ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন কৰি দিয়া স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালিন পৰিষদত প্ৰাক্তন কে এল অ’ সমন্বয়ৰক্ষী সমিতিৰ সদস্যক মূখ্য স্থানপ্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায় ।সংবাদমেলত প্ৰাক্তন কে এল অ’ৰ নেতৃবৃন্দই আক্ষেপৰে কয় বিগত সময়চোৱাত বুকুত গুলী লৈ অকাল মৃত্যুক সাৱটি লৈছিল বহু সতীৰ্থ সদস্যই। জাতিৰ হৈ আন্দোলন কৰি অহা সংগঠনটোৱে আজি সকলো পক্ষৰ পৰা বঞ্চিত হোৱাৰ ঘটনাই সংগঠনটোৱৰ চকু কপালত তুলিছে । জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া ছহিদ সকলৰ পৰিয়ালক এক কালিন ২০,০০০০০ ( কুৰি লাখ) টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰতিটো ছহিদ পৰিয়ালৰ লোকক এটা চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় প্ৰাক্তন কে এল অ’ৰ নেতৃবৃন্দই । ইয়াৰ উপৰি প্ৰাক্তন কে এল অ’ৰ সদস্য সকলক পশ্চিমবংগ চৰকাৰৰ নিচিনাকৈ চৰকাৰী কৰ্মসংস্থাপন প্ৰদান কৰাৰ বাবেও দাবী জনাইছে প্ৰাক্তন কে এল অ’ৰ নেতৃবৃন্দই একে খন সংবাদমেল যোগে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here