প্ৰাচীন বিনিময় প্ৰথাৰে আজিৰে পৰা ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা আৰম্ভ

0
146

প্ৰাচীন বিনিময় প্ৰথাৰে আজিৰে পৰা ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা আৰম্ভ * জোনবিলৰ পাৰত জিলিকিব গৌৰবময় গোভাৰাজ্যৰ বৰ্ণিল সংস্কৃতি আৰু ৰজদৰবাৰ**জোনবিলৰ পাৰত গোভা ৰজা দীপসিং দেওৰজাই খাব ভোজ-ভাত*
দুৰ্নীতিৰ দৰ্পণ সেৱা , বাবু মনি শৰ্মা(জোনবিল মেলাৰ পৰা), মৰিগাঁও , ২০ জানুৱাৰী:প্ৰাচীন তিৱা ৰাজ্যৰ গৌৰৱময় সংস্কৃতিৰ বাহক, ইতিহাস প্ৰসিদ্ধ গোভাৰাজ্যৰ জোনবিল মেলা কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে মৰিগাঁও জিলা জোনবিলৰ পাৰত অৱস্থিত হ’ব । ১৬ শ শতিকাৰ তিৱা ৰাজ্য গোভাৰ ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ এই জোনবিল মেলা খনি কালিলৈ পুৱা ৬ বজাত গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱথানত মাংগলিক পৰ্বৰে শুভাৰম্ভ হ’ব । এই অনুষ্ঠানৰ পিছতে গাভৰুআমত বন্তি প্ৰজ্বলন কৰা হ’ব । পুৱা ৯ বজাত জোনবিল মেলাস্থলিত পতাকা উত্তোলন কৰিব গোভা ৰাজ্যৰ ৰজা দীপসিং দেওৰজাই । এই স্থানতেই বন্তি প্ৰজ্বলন কৰিব জোনবিল মেলা আয়োজক সমিতিৰ সভাপতি সোনেশ্বৰ দলৈয়ে । দিনৰ ভাগত গোভা ৰজাই প্ৰাচীনতম বিল জোনবিলৰ পাৰত বহি ভোজভাত খাব । এই ভোজভাত পৰ্বত গোভা ৰাজ্যৰ পাটনিয়া ৰজা ভদ্ৰসিং দেওৰাজাই অংশ গ্ৰহণ কৰিব । ইপিনে , কালিৰে পৰা অনুষ্ঠিত হ’ব লগা এই প্ৰাচীন মেলাখনৰ বাবে ইতিমধ্যে পাহাৰৰ পৰা আগমণ ঘটিছে বহু সংখ্যক পাহাৰীয়া অঞ্চলৰ লোক । মামা-মামী সম্বোধনৰে আগমণ হোৱা মেঘালয় , কাৰ্বি আংলঙৰ লংপ , মৰঙা ,উমদেন, উমতাই, উমডোঙা, উমচিয়াং, উমজাৰী, উমদেংখুলাই, মাজৰ,মায়ং, চুমিদাং, লুমফৈ,আমদাং, আমদঙা, লেমেৰা,খাৰখুজি, আমবাট,মাৰ্জং,বালিখুজি, দাপমাছাল, নুনফৈ আদি বহু পাহাৰীয়া গাঁৱৰ জনজাতীয় ৰাইজে মেটমৰা বোজালৈ জোনবিলৰ মেলালৈ নামি আহি ভৈয়ামত হেৰাই যোৱা প্ৰাচীন ঐতিহ্যময় সংস্কৃতি বিনিময় প্ৰথা জিলিকাই তুলিব । আধুনিক মুদ্ৰা প্ৰচলনে লুপ্ত কৰি পেলোৱা ১৪ শতিকাৰ বিনিময় প্ৰথা পুনৰ বাৰ জিলিকি উঠিব গোভা ৰাজ্যৰ এই জোনবিল মেলাত । পাহাৰীয়া এই লোক সকলে এই মেলালৈ আহি নিজে পাহাৰত উৎপাদন কৰা কচু ,আলু,আদা, হালধি,জালুক, জলকীয়া,কোমোৰা, গন্ধক আৰু শুকানমাছ আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ উৎপাদিত লাৰু,পিঠা,সান্দহ, পিঠাগুড়ি আদি বিনিময় কৰে । শুক্ৰবাৰৰ পুৱতি নিশা এই বিনিময় প্ৰথা পৰ্বত অংশ লৈ শনিবাৰে পাহাৰীয়া এই লোকসকলে পুনৰ ঘৰমুৱা হৈ পাহাৰত বিহু উৎসৱ উদযাপন কৰে । এইয়া জোনবিলৰ ঐতিহ্য আৰু পৰম্পৰা । এই পৰম্পৰা অনুসৰি পুনৰ জোনবিল মেলাত উজলি উঠিব প্ৰতীকী ৰূপত প্ৰাচীন তিৱা ৰাজ্যৰ গোভাৰ ৰাজকীয় পৰম্পৰা আৰু ঐতিহ্য । জোনবিল মেলাত বহিব গোভা ৰাজ্যৰ ৰাজদৰবাৰ।১৮ জন তিৱা ৰাজ্যৰ ৰজাৰ লগতে গোভাৰজা দীপসিং দেওৰজাই এই ৰাজদৰবাত অংশ লোৱাৰ উপৰিও এই দৰবাৰতেই ৰজাই তুলিব কৰ । এই ৰাজ দৰবাৰত তিৱা ৰজা সকলৰ লগতে প্ৰাচীন গোভা ৰাজ্যৰ ৰাজ বিষয়া সকলেও অংশ ল’ব । গোভা ৰাজ বিষয়া তথা জোনবিল মেলা আয়োজক সমিতিৰ সম্পাদক জোৰসিং বৰদলৈয়ে জানিবলৈ দিয়া মতে ২২ জানুৱাৰীৰ দুপৰীয়া ভাগত অনুষ্ঠিত গোভাৰাজ্যৰ ৰাজ-দৰবাৰৰ অনুষ্ঠানত মূখ্য অতিথি হ’ব অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিশিষ্ট অতিথি হিচাপে অংশ ল’ব ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই । অনুষ্ঠানত সন্মানীয় অতিথি তথা উদ্ধোধনী ভাষণ প্ৰদান কৰিব বিধায়ক ৰমাকান্ত দেউৰীয়ে । এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰিব তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰে । অনুষ্ঠানত সন্মানীয় অতিথি হ’ব তিৱা পৰিষদৰ উপ কাৰ্যবাহী সদস্য তুলসী বৰদলৈয়ে । অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰিব জিলা উপায়ুক্ত লীনা দাস , আৰক্ষী অধীক্ষক তথা বিশিষ্ট কবি ড০ নন্দ সিং বৰকলা, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ ৰাডু কাকতি আৰু তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য বিনীতা দৈমাৰীয়ে । এই অনুষ্ঠানতে মূখ্যমন্ত্ৰীয়ে মধ্য অসমৰ ১৮ জন তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব । সম্পাদক বৰদলৈয়ে আৰু জনোৱা মতে , ২২ জানুৱাৰীত পুৱতি নিশা জোনবিল মেলাত বিনিময় প্ৰথা পৰ্ব মুকলি কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । এই মেলাত কেইবাগৰাকী গৱেষক পৰ্যটকে অংশ লব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে , প্ৰাচীনতম এই মেলাখন সফল ভাৱে উদযাপন কৰিবলৈ মেলা আয়োজক সমিতিয়ে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । মৰিগাঁও জিলা প্ৰশাসন আৰু তিৱা স্বায়ত্ব পৰিষদে প্ৰাচীন এই মেলা খন অতি সুন্দৰ ভাৱে সমাপণ কৰিবলৈ দিনে নিশাই ব্যস্ত থকাৰ পৰিলক্ষিত হৈছে । কৰ’না মহামাৰীৰ বাবে বানিজ্য মেলাখন এইবেলি অনুষ্ঠিত নহব যদিও প্ৰতিবছৰৰ দৰে এইবেলি মেলাখনত গোভা ৰাজ্যৰ তিৱা লোককৃষ্টি প্ৰদৰ্শনৰ লগতে গোভা ৰাজ্যৰ অস্ত্ৰ-সস্ত্ৰ সম্পদ আদিও জোন বিল মেলাত প্ৰদৰ্শিত হ’ব ।

*জোনবিল মেলাত অংশ লব ১৮ তিৱা ৰজাই*

১৬শ শতিকাৰ প্ৰাচীন গোভা ৰাজ্যৰ জোনবিল মেলাত এইবেলি অংশ ল’ব মধ্য অসমৰ ১৮জন তিৱা ৰজাই। গোভা ৰাজ্যৰ ৰাজ-দৰবাৰত অংশ ল’ব লগীয়া ১৮গৰাকী তিৱা ৰজা হ’ল– গোভা ৰজা- দীপসিং দেওৰজা, পশ্চিম নগাঁও- ভদ্ৰসিং দেওৰাজা, চহৰী- চুচেন দেওৰজা, খাইগড়- অৰূপ ৰজা, খৰা- গমন ৰজা, নেলী- ৰামসিং ৰজা, খলা- সুমংগল ৰজা, পূব উত্তৰ খোলা- নয়নজ্যোতি ৰজা, তেতেলীয়া- মনিৰাম ৰজা, কুমৈ কছাৰী- ভোগেশ্বৰ ৰজা, কুমৈ- চুচেন ৰজা, শুকনাগোগ- অজিত ৰজা, ঘগুৱা- মুকুল ৰজা, মায়ং- তৰণীকান্ত ৰজা, দমাল- ঋতুসিং ৰজা,বঘৰা-তলসী ৰজাকে ধৰি আন কেইবাগৰাকী ৰজা আৰু ৰাজবিষয়া। ইপিনে, তীব্ৰ আৰ্থিক সংকটত ভোগা মধ্য অসমৰ এই ১৮ গৰাকীকৈ তিৱা ৰজাক এক লাখ টকাকৈ এইবেলি জোনবিল মেলাত ৰাজভাট্টা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

*জোনবিলত মাছ মৰা পৰ্ব*
পাহাৰ ভৈয়ামৰ সম্প্ৰিতি, ঐতিহ্য বহন কৰা ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাত এইবাৰ পুনৰ জিলিকিব গোভা ৰাজ্যৰ সমূহীয়া মাছ মৰা পৰ্ব।গোভা ৰাজ্যৰ প্ৰাচীন বিল অৰণ আৰু জোনবিলত হ’বলগীয়া এই সমূহীয়া মাছ মৰা পৰ্বত প্ৰাচীন ৰাজ্য খনৰ ৰাজবিষয়া সকলেও অংশ গ্ৰহণ কৰিব। ইয়াত জিলিকি উঠিব তিৱা ৰাজ্যৰ ঐতিহ্যময় লোককৃষ্টি-সংস্কৃতি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here