ফকিৰগঞ্জত অতিপুষ্টিহীন শিশু চিনাক্তকৰণ শিবিৰ

0
108

ফকিৰগঞ্জত অতিপুষ্টিহীন শিশু চিনাক্তকৰণ শিবিৰ
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ধুবুৰী, ৯ ফেব্ৰুৱাৰীঃ আমাৰ সমাজত থকা অতিপুষ্টিহীন শিশু সকলক সুস্থ্য সৱল ভাগে গঢ় দিয়াৰ উদ্দেশ্যে দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত, দক্ষিণ শালমাৰা সংহত শিশু উন্নয়ন প্ৰকল্প আৰু পিৰামল স্বাস্থ্যৰ সহযোগত শনিবাৰে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ত অতিপুষ্টিহীন শিশু চিনাক্তকৰণ আৰু পৰিচৰ্য্যাৰ উদ্দেশ্যে এটি শিবিৰ পতা হয় ৷ উক্ত কাৰ্য্যসূচীৰ শুভাৰম্ভনি কৰে ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা৹ ৰবিয়াল হকে ৷ শিবিৰটোত সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ ফকিৰগঞ্জ আৰু পামপাৰা চেক্টৰৰ গাওঁ সমূহৰ শিশু সকলক পৰীক্ষা কৰি ৫টা মধ্যমীয়া আৰু ৫টা অতিপুষ্টিহীন শিশু চিনাক্ত কৰি শিশু সকলক পৰিপুষ্টি সংশোধন কেন্দ্ৰলৈ প্ৰৰণ কৰিবলৈও অভিভাৱক সকলক পৰামৰ্শ দিয়া হয় ৷ উক্ত কাৰ্য্যসূচীত পিৰামল স্বাস্থ্যৰ দক্ষিণ শালমাৰা খণ্ড ৰূপান্তৰণ বিষয়াদ্বয় ছিৰাজুল ইছলাম আৰু হজৰত আলী আহমেদ, আশা, অঙ্গনৱাদী কৰ্মী সকলৰ লগতে ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা৹ ৰবিয়াল হক আৰু ডা৹ জিন্নাতুল ইছলামে কাৰ্য্যসূচীত উপস্থিত থাকি শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ আনহাতে , দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক নুৰ আলম মোল্লা আৰু বি চি এম ছালেহা খাতুনে জানিব দিয়ে যে এই ফেব্ৰুৱাৰী মাহটোতে দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলত আৰু কেইবাটাও এনে শিবিৰ পাতি অতিপুষ্টিহীন শিশুৰ লগতে জন্মতে বিসংগতিপূৰ্ণ শিশুসকলক চিনাক্ত কৰি স্বাস্থ্যৰ যতন লোৱা হব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here