বজালী জিলাৰ প্ৰথম আৰক্ষী অধীক্ষকৰ যোগদান , বিভিন্নজনৰ আদৰণি

    2
    122

    বজালী জিলাৰ প্ৰথম আৰক্ষী অধীক্ষকৰ যোগদান , বিভিন্নজনৰ আদৰণি
    দুৰ্নীতিৰ দৰ্পণ সেৱা , বজালী , নিজা প্ৰতিবেদক , ১০ ফেব্ৰুৱাৰী : বজালীবাসীৰ দীৰ্ঘদিনীয়া উৎকন্ঠাৰ অন্তত ৮ ফেব্ৰুৱাৰীত বজালী জিলাৰ প্ৰথম আৰক্ষী অধীক্ষকে আনুষ্ঠানিকভাবে যোগদান কৰাত বজালীবাসীৰ লগতে বিভিন্ন দল সংগঠন , ব্যক্তিয়ে উষ্ম আদৰণি জনায় ৷ উল্লেখযোগ্য যে , অসম চৰকাৰে এক জাননীযোগে বজালী জিলাৰ উপায়ুক্ত হিচাপে ভৱানী প্ৰসাদ শৰ্মা আৰু আৰক্ষী অধীক্ষক হিচাপে ধৰ্মেন্দ্ৰ কুমাৰ দাসক নিযুক্তি দিয়াত সমগ্ৰ বজালীবাসী উৎফুল্লিত হৈ পৰিছে ৷ বজালী জিলাৰ প্ৰথম গৰাকী আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে যোগদান কৰাৰ পাছতে বজালী জিলা সাংবাদিক সন্থাৰ নৱকান্ত কলিতা , হীৰেন কলিতা,মৃন্ময় পাঠক, নিৰ্মল ৰয়, পাঠশালা প্ৰেছ ক্লাৱৰ কৈলাস চৌধুৰী,অখিল কাকতী,বিজেপিৰ মুখপাত্ৰ ফণী পাঠক,বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰী সমন্বিতে বিভিন্নজনে ফুলাম গামোচাৰে উষ্ণ আদৰণি জনায় ৷ বজালী জিলা সাংবাদিক সন্থা আৰু পাঠশালা প্ৰেছ ক্লাৱৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বজালী জিলাৰ সমস্যাসমূহ যাতে সমাধান কৰি সমগ্ৰ জিলাখনতে শান্তি শৃংখলা অটুট ৰাখিব পাৰে , তাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে ৷

    2 COMMENTS

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here