বটদ্ৰবা গুৰুজনাৰ জন্মস্থানত ৰাজ্যৰ গৃহমন্ত্ৰী অমিত শ্বাহ

    0
    56

    বটদ্ৰবা গুৰুজনাৰ জন্মস্থানত ৰাজ্যৰ গৃহমন্ত্ৰী অমিত শ্বাহ

    দুৰ্নীতিৰ দৰ্পণ সেৱা , ডুমডুমীয়া ,২৫ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ যি সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠানিক বাবে শুভ উদ্ধোধন কৰে । প্ৰায় লক্ষাধিক ধৰ্মপ্ৰাণ লোক উপস্থিতিত প্ৰকল্পৰ নিৰ্মাণ স্থলীত অনুষ্ঠিত কৰে এখনি ৰাজহুৱা সভা । অমিত শ্বাহৰ সভাৰ দিনাই বটদ্ৰৱাত কংগ্ৰেছে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ধিংস্থিত বটদ্ৰৱা ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদ । অমিত শ্বাহ’গ’বেগ ,’কা’আমি নামনো , মূল্যবৃদ্ধি ৰোধ কৰক , নিবনুৱা সমস্যা সমাধান কৰক আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ । অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কা খন আমাৰ অসমৰ ওপৰত জাপি দি আজি বটদ্ৰৱা থানলৈ আহিছে , তাৰ বাবে আমি প্ৰতিবাদ জনাইছো । বটদ্ৰৱা ব্লক কংগ্ৰেছৰ উদোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কার্যসূচীত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা , বটদ্ৰৱা ব্লক কংগ্ৰেছৰ সভাপৰি নুৰুল আমিন , দলংঘাট ব্লক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈকে আদি কৰি মহিলা কংগ্ৰেছ ,যুৱ কংগ্ৰেছ ,সেৱা দলৰ লগতে কংগ্ৰেছৰ নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here