বটদ্ৰৱাত এ আই ইউ ডি এফৰ বিশাল গণ সমাবেশ

    0
    66

    বটদ্ৰৱাত এ আই ইউ ডি এফৰ বিশাল গণ সমাবেশ ,হিমন্ত সন্দেহ জনক মন্ত্ৰী ,মন্ত্ৰীজনে নিজৰ দলৰ বিৰুদ্ধে কাম কৰি আছে চাৱ বিজেপিক শেষ কৰি এৰিবঃ বদৰ উদ্দিন আজমল

    দুৰ্নীতিৰ দৰ্পণ সেৱা, ইমামুল ইছলাম, ডুমডুমীয়া, ৮ ফেব্ৰুৱাৰী : বিধান সভা নিৰ্বাচন সমাগত,কঁকালত টঙালি বান্ধিছে সকলো ৰাজনৈতিক দলেই,কি শাসনাধিষ্ট বিজেপি দলে, কি নৱগঠিত আঞ্চলিক দল সমূহ কি কংগ্ৰেছ কি এ আই ইউ ডি এফ। ৰাজ্যত বৈছে নিৰ্বাচনী গৰম বতাহ। শাসনাধিষ্ট বি জে পি চৰকাৰক উৎখাত কৰিবলৈ গঠন হৈছে মহাজোট আৰু এই মহাজোট গঠনৰ পিছত বটদ্ৰৱা সমষ্টিকলৈ সৃষ্টি হৈছে ব্যাপক কৌতুহলৰ। প্ৰায় ৪৫ শতাংশ সংখ্যালঘু ভোটাৰ থকা সমষ্টিটোত মিত্ৰ জোঁটৰ প্ৰাৰ্থী বিজয় সাব্যস্ত কৰাটো প্ৰায় নিশ্চিত। কিন্তু মিত্ৰজোঁটৰ কোনেও এৰিব নিবিচৰা বটদ্ৰৱা সমষ্টিত আজি বিশাল গনসমাবেশেৰে শক্তি প্ৰদৰ্শন কৰে এ আই ইউ ডি এফ দলে সমষ্টিটোৰ ধূপগুৰিত, হেজাৰ হেজাৰ জনসমৰ্থনেৰে অনুষ্ঠিত হোৱা সভাত বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে দলৰ কেন্দ্ৰীয় সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয় যে, কেইবা বছৰ ধৰি অসমত এজন মন্ত্ৰী ওলাইছে মই নাম নকও তেওঁ এতিয়া নিজকে অসমীয়া হিন্দু বুলি কৈ মিয়া মুছলমানৰ ভোট নালাগে বুলি উল্লেখ কৰে ।সেই মন্ত্ৰী জন বহুত পয়জন,ডেন্জাৰেছ আৰু সাম্প্ৰদায়িক গতিকে এনে সাম্প্ৰদায়িক বিজেপি চৰকাৰ নালাগে।আমাক লাগে শান্তি, সম্পত্ৰি,প্ৰেম আৰু ভ্ৰাতৃত্ব বোধৰ চৰকাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাম নোলোৱাকৈ কয় যে নিজকে মূখ্যমন্ত্ৰী বাবে এই হিমন্ত সন্দেহ জনক মন্ত্ৰী । মন্ত্ৰীজনে নিজৰ দলৰ বিৰুদ্ধে কাম কৰি আছে চাব বিজেপিক শেষ কৰি এৰিব। আজমলে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাক সমালোচনা কৰি কয় যে,স্কুল, কলেজ, খোৱা পানী, চিকিৎসালয় বনাবলৈ সময় নাপালে গতিকে বটদ্ৰৱাবাসীক এইবাৰ অভিনেত্ৰী নালাগে।এ আই ইউ ডিএফৰ মূল লক্ষ্য হৈছে ঘৰে ঘৰে শান্তি, ঘৰে ঘৰে উন্নতি, ঘৰে ঘৰে চিকিৎসা,ঘৰে ঘৰে শিক্ষা লগতে ৰুটি কাপোৰ আৰু ঘৰ। সভাত বিধায়ক আমিনুল ইছলামে ভাষনত কয় য়ে,বটদ্ৰৱা থানৰ লগতে নগাঁও জিলাৰ কোনো সত্ৰৰ মাটিও এক ইণ্ছি মাটিও বেদখলৰ কৱলত নাই। বিজেপিয়ে সত্ৰৰ নামত ৰাজনীতি বন্ধ কৰক।সভাত বিধায়ক ডাঃ হাফিজ ৰফিকুল ইছলাম, কেন্দ্ৰীয় নেতৃবৃন্দ ক্ৰমে আমিনুল ইছলাম, মতিউৰ ৰহমান, যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম ভাষন প্ৰদান কৰে। উল্লেখ্য যে আজিৰ সভাত জিকিৰ-জাৰী ,দিহানাম পৰিবেশনেৰে সমন্বয়ৰ বাৰ্তা কঢ়িওৱা দেখা যায়। উল্লেখ্য যে সমষ্টিটোত সভা অনুষ্ঠিত কৰাৰ বাবে ৰূপহী হাট ধিং লাহৰিঘাত আদি অঞ্চলৰ পৰা অহা লোকৰে বটদ্ৰৱাত শক্তি প্ৰদৰ্শনৰ খেল দেখা গল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here