বটদ্ৰৱাত সহস্ৰাধিক সমৰ্থকে আদৰিলে বিজেপিৰ আঙুৰলতা আৰু কংগ্ৰেছ তথা মিত্ৰজোটৰ প্ৰাৰ্থী শিবামনি বৰাক

দুৰ্নীতিৰ দৰ্পণ সেৱা, ডুমডুমীয়া,৮ মাৰ্চ : অসম বিধান সভা নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা দ্বিতীয় বাৰৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা বিধায়িকা আঙুৰলতা ডেকা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থীত্ব লাভ কৰা শিবামনি বৰাক সহস্ৰাধিক সমৰ্থকে আদৰি আনে বটদ্ৰৱা সমষ্টি লৈ । দুয়ো গৰাকী নেত্ৰী গুৱাহাটীৰ পৰা অহাৰ বতৰা পাই বিজেপি আৰু কংগ্ৰেছৰ দলীয় নেতা কৰ্মী আৰু সমৰ্থকসকলে পৃথকে পৃথকে বেবেজীয়া আৰু কপাহেৰাৰ পৰা ঢাক ঢোল বজাই হৰ্ষোল্লাৰ পৰিবেশ ৰ মাজেৰে বাইক,সৰু বৰ গাড়ীৰে আদৰি আনে। দুয়ো গৰাকী নেত্ৰীক নিজৰ নিজৰ সমৰ্থক সকলে ফুলৰ মালা,ফুলাম গামোচা, আৰু জাপিৰে আদৰনি জনায়। দুয়ো দলৰ প্ৰাৰ্থীত্ব লাভ কৰা আঙুৰলতা আৰু শিবামনি সমষ্টি লৈ আহি ৰেলি কৰি শক্তি প্ৰদৰ্শন কৰা দেখা যাই।দ্বিতীয় বাৰৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা আঙুৰলতাই সাংবাদিকৰ আগত কয় যে,গুৰুজনাৰ আৰ্হিবাদ লৈ বিগত ৫ বছৰ আধৰুৱা কাম বোৰ কৰিবলৈ ৰাইজে আৰ্হিবাদ কৰিব। এইবাৰ নিৰ্বাচনৰ ইছু কি হব বুলি সোধাত ডেকাই কয় যে,আমাৰ ইছু সদায় উন্নয়ন।আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা সন্দিয়া গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি সাংবাদিকৰ আগত কয় যে,সমষ্টিৰ সামগ্ৰিক উন্নয়ন ৰ লগতে নিবনুৱা যুৱক যুৱতী সকলক কৰ্মৰ্সংস্থাপন দিয়ায় হব মূল ইছু।

LEAVE A REPLY

Please enter your comment!
Please enter your name here