বটদ্ৰৱাৰ আইভেটি পঞ্চায়তত গ্ৰাম্য সংগঠন সমন্বয় সমিতিৰ কাৰ্য‍্যালয় শুভ উদ্বোধন

0
100

বটদ্ৰৱাৰ আইভেটি পঞ্চায়তত গ্ৰাম্য সংগঠন সমন্বয় সমিতিৰ কাৰ্য‍্যালয় শুভ উদ্বোধন

দুৰ্নীতিৰ দৰ্পণ সেৱা ,নজৰুল ইছলাম , বটদ্ৰৱা , ২০ ফেব্ৰুৱাৰী : বটদ্ৰৱাৰ আইভেটি পঞ্চায়তত শনিবাৰে গ্ৰাম্য সংগঠন সমন্বয় সমিতিৰ এটি নৱ নিৰ্মিত কাৰ্য‍্যালয়ৰ শুভ উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। কাৰ্য‍্যালয় গৃহটি ডি, পি,এম শঙ্খ প্রবাল চাণ্ডল্যয় ফিটা কাটি উদ্বোধন কৰে আৰু দেহীৰাম বৰাৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়। সভাখন বৰগীত, সমবেত সংগীত, বিহু আদিও পৰিবেশন কৰা হয়। সভাখনত পঞ্চায়তটোৰ কিছু দৰিদ্ৰ লোকক জব কাৰ্ডো বিতৰণ কৰা হয়। এই গ্ৰাম্য সংগঠন সমন্বয় সমিতি খন দলংঘাট এন,আৰ, এল,এমৰ অন্তৰ্গত এটা পি,আৰ, আই,চি,বি,ও Convergence Project ৰ যোগেদি এই কমিটিখন গঠন কৰা হৈছে। এই কমিটিখন আইভেটি পঞ্চায়তত ৬ টা গ্ৰাম্য সংগঠনৰ ৩ গৰাকীকৈ মহিলাৰে এই কমিটিখন গঠন কৰা হৈছে। এই কমিটিখনৰ উদ্দেশ্য হৈছে পঞ্চায়ত আৰু বিভিন্ন বিভাগ সমূহৰ লগত যুগসূত্ৰ স্থাপন কৰি দুখীয়া দৰিদ্ৰ মহিলা সকলৰ নিজৰ প্ৰাপ্য অধিকাৰ সমূহ পাবৰ বাবে সুবিধা কৰি দিব আৰু বিভিন্ন দিশত আগুৱাই যোৱাত সহায় কৰিব। সভাখনিত ডি, এফ,ই, অভিজিৎ দে,ডি, এফ,ই, মফিদুল হুছেইনী, বি,পি,এম মণিকুন্তল বৰা, External mentor ৰচিনা পিত্রৰ লগতে সমূহ বিষয় ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here