বটদ্ৰৱা থানত স্বাস্থ্য,বিত্ত,শিক্ষা আৰু গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

    0
    67

    বটদ্ৰৱা থানত স্বাস্থ্য,বিত্ত,শিক্ষা আৰু গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
    দুৰ্নীতিৰ দৰ্পণ সেৱা ,নজৰুল ইছলাম , বটদ্ৰৱা , ২৩ ফেব্ৰুৱাৰী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ যি সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠান অহা পৰহিলৈ ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ডেৰ লক্ষাধিক ধৰ্মপ্ৰাণ লোক উপস্থিতিত এই প্ৰকল্পৰ নিৰ্মাণ স্থলীত অনুষ্ঠিত হ’ব এখনি ৰাজহুৱা সভাৰ। এই সভাৰ সকলোবোৰ দিশ আজি চৰজমিন পৰিদৰ্শন কৰে বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । অহা ২৫ ফেব্ৰুৱাৰীত অসম ভ্ৰমনলৈ আহি গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান দৰ্শন কৰিব আৰু বহু প্ৰতীক্ষিত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব । প্ৰকল্প নিৰ্মাণ হ’বলগীয়া স্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত হৈ জনসাধাৰণক উদ্দ্যেশি এখন ৰাজহুৱা সভাত ভাষণ ৰাখিব । এই সন্দৰ্ভত বিত্ত স্বাস্থ্য মন্ত্ৰী ড° শৰ্মাই আজি নিশাৰ ভাগত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতো এক আলোচনাত মিলিত হয়। বিজেপি চৰকাৰ শাসনলৈ অহা প্রথম কালচোৱাতে এক সু পৰিকল্পিনাৰে এই প্ৰকল্প গ্রহণ কৰা বুলি মন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে । বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থান আৰু বটদ্ৰৱাৰ প্ৰকল্প স্থলী পৰিদৰ্শন কালত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা,বিধায়িকা আঙুৰলতা ডেকাৰ উপৰিও নগাওঁৰ বিধায়ক ৰূপক শৰ্মা,বিজেপি নেতা ডা মুকুট কুমাৰ দেৱনাথে সংগ দিয়ে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here