বটদ্ৰৱা থানত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা বিধায়িকা আঙুৰলতা ডেকা

    0
    58

    বটদ্ৰৱা থানত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকা বিধায়িকা আঙুৰলতা ডেকা
    দুৰ্নীতিৰ দৰ্পণ সেৱা , নজৰুল ইছলাম , বটদ্ৰৱা , ২৩ ফেব্ৰুৱাৰী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ যি সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠান অহা পৰহিলৈ ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ডেৰ লক্ষাধিক ধৰ্মপ্ৰাণ লোক উপস্থিতিত এই প্ৰকল্পৰ নিৰ্মাণ স্থলীত অনুষ্ঠিত হ’ব এখনি ৰাজহুৱা সভা । এই সভাৰ সকলোবোৰ দিশ আজি পুনৰ চৰজমিন পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুস হাজৰিকাই ।

    অহা ২৫ ফেব্ৰুৱাৰীত অসম ভ্ৰমণলৈ আহি গুৰুজনাৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান দৰ্শন কৰিব আৰু বহু প্ৰতীক্ষিত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব । প্ৰকল্প নিৰ্মাণ হ’বলগীয়া স্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত হৈ জনসাধাৰণক উদ্দ্যেশি এখন ৰাজহুৱা সভাত ভাষণ ৰাখিব । এই সন্দৰ্ভত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুস হাজৰিকাই আজি সন্ধিয়া বটদ্ৰৱা থানৰ আকাশী গঙ্গাৰ মুকলি মঞ্চত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতো পুনৰ এক আলোচনাত মিলিত হয় । বিজেপি চৰকাৰ শাসনলৈ অহা প্রথম কালচোৱাতে এক সু পৰিকল্পিনাৰে এই প্ৰকল্প গ্রহণ কৰা বুলি উল্লেখ কৰি ৰাজ্যিক স্বাস্ব্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । স্বাস্থ্যমন্ত্ৰী পিযুস হাজৰিকাৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কালত বিধায়িকা আঙুৰলতা ডেকাৰ উপৰিও নগাওঁৰ বিধায়ক ৰূপক শৰ্মাই সংঘ দিয়ে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here