বাৰেৰহনীয়া সাংস্কৃতিক শুভ যাত্ৰাৰে আলিটাঙনিত গণৰাজ্য দিৱস পালন নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ

0
128

বাৰেৰহনীয়া সাংস্কৃতিক শুভ যাত্ৰাৰে আলিটাঙনিত গণৰাজ্য দিৱস পালন নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা ,আবুল হুছেইন , টুকটুকী , ২৭ জানুৱাৰী: কালি সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো উদযাপিত হৈছে ৭২ তম গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱসৰ দিনা নগাঁও জিলা নেহেৰু যুৱকেন্দ্ৰৰ উদ্যোগত স্থানীয় স্বেচ্ছাসেৱী সংগঠন Global Organization for All চমুকৈ “গোল”ৰ সহযোগত আলিটাঙনি আদৰ্শ জাতীয় বিদ্যালয় ও স্থানীয় সংবাদ কর্মীৰ সহযোগত বাৰেৰহনীয়া সাংস্কৃতিক শুভ যাত্ৰা উলিয়াই। যি সময়ত ৰাজ্যত সাম্প্ৰদায়িক বাক্যবানেৰ ৰাজনীতিৰ পথাৰ উত্তাল হৈ আছে তেনে সময়ত সংখ্যলঘু অঞ্চলত অসমীয়া কলা কৃষ্টিৰ সাংস্কৃতিক শোভাযাত্ৰাই সমন্বয়ৰ প্ৰতীক হিচাপে চিহ্নিত হয়। পিছত ছাত্র-ছাত্ৰীৰ মাজত কুইজ,নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।দুপৰীয়া সেচ্ছাসেৱী অনুষ্ঠান গোলৰ সভাপতি আবু ছাদিক কবিৰে আগধৰা মুকলি সভাত নেহেৰু যুৱ কেন্দ্ৰৰ গাননিক বিষয়া ইকবাল বাহাৰ চৌধুৰী, স্থানীয় গাঁৱ পঞ্চায়তৰ সভাপতি আব্দুল বাৰি,নগাঁও মাৰ্কাজ একাডেমী ৰ অধ্যক্ষ মুস্তাফা কামালে ভাষন প্ৰদান কৰে।সাংবাদিক তথা গোলৰ সম্পাদক মাজিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা বঁটা বিতৰণ সভাত আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক আবুল বাসাৰ,সমাজ সেৱক আবু বক্কৰ ছিদ্দিক চেলিম,আমছুৰ কেন্দ্ৰীয় সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ,জুৰীয়া মহাবিদ্যালয় প্ৰৱক্তা ছাইদুৰ ৰহমান,জেষ্ঠ সাংবাদিক আবুল হুছেইন, মুস্তাফা ছালিম আহমেদ, বিদ্যালয়ৰ অধ্যক্ষ ৰুফুল আমিনকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যাক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here