বাৰ্তালোচনী “জেংখ্‌লং মান্দেৰ” উন্মোচন

    0
    67

    বাৰ্তালোচনী “জেংখ্‌লং মান্দেৰ” উন্মোচন
    দুৰ্নীতিৰ দৰ্পণ সেৱা , মোৰাঝাৰ , ৫ ফেব্ৰুৱাৰী : মৰিয়ম আজমল ৱ’মেন কলেজ অফ চায়েঞ্চ এণ্ড টেকন’লজীৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয় ইতিহাসৰ ভিতৰতে প্ৰথম “জেংখ্‌লং মান্দেৰ” শীৰ্ষক এখনি বিভাগীয় ষান্মাষিক বাৰ্তালোচনী উন্মোচন কৰা হয় । বাৰ্তাখন উন্মোচন কৰে ড° ৰেকিবুল হক আজাদে । ৰাজীৱ হুছেইনৰ সম্পাদনাত বিভাগীয় ছাত্ৰীসকলে প্ৰৱন্ধ, গল্প, আৰু কবিতাৰ সমাহাৰত এখন মননশীল বাৰ্তা প্ৰকাশ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইমৰান হুছেইন , ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° আৰ কে ৰথ, কৰ্নেল সামিৰ কাঞ্জিলাল, মুনচিফা ফিৰদৌছ খান বৰভূঞা, গৌৰী প্ৰসাদ শৰ্মা, প্ৰেৰনা তালুকদাৰৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপকমণ্ডলী আৰু ছাত্ৰীসকল ৷ বাৰ্তালোচনীখন উন্মোচন কৰি ড° ৰেকিবুল হক আজাদে কয় “এনে ধৰনৰ ব্যতিক্ৰমী সাহিত্যিক কৰ্মই মানুহৰ মন মগজু স্পৰ্শ কৰাৰ লগতে ছাত্ৰী সকলৰ বৌদ্ধিক উত্তৰণত সহায় কৰে । কলেজীয়া দিনৰে পৰাই সাহিত্য চৰ্চা অব্যাহত ৰাখিলে পৰৱৰ্তী পৰ্যায়ত নিজকে এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলিও তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগৱঢ়ায় ৷

    SHARE
    Previous articleভূৰাগাঁৱত তিনি জুৱাৰীক গ্ৰেপ্তাৰ
    Next article06-02-2021(Daily)
    দুৰ্নীতিৰ দৰ্পণ গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত বাতৰি কাকত ২০১৪ চনৰ ১৪ এপ্ৰিলত প্ৰথমে ধুবুৰীৰ পৰা প্ৰকাশ হয় সাপ্তাহিক কাকত দুৰ্নীতিৰ দৰ্পণ(RNI Registration No. AssAss/2014/59694) আৰু ২০১৫ চনৰ ১৩ জানুৱাৰীত ধুবুৰীৰ পৰা দৈনিক হিচাপে প্ৰকাশ পায় দুৰ্নীতিৰ দৰ্পণ (RNI Registration No. AssAss/2015/71505) । ইয়াৰ পিছত ২০১৯ চনৰ ৪ আগষ্টত গুৱাহাটীত নতুন সংস্কৰণ আৰম্ভ কৰা হয় । প্ৰকাশক আৰু সম্পাদকঃ ছায়েদ আলী খান । যোগাযোগঃ doornitirdarpan2014@gmail.com sayeddhubri@gmail.com website : www.doornitirdarpan.in

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here