বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উটুৱাই নি বঙ্গোপ সাগৰত পেলাই দিয়া হ’বঃ আৰ পি শৰ্মা

    0
    85

    বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উটুৱাই নি বঙ্গোপ সাগৰত পেলাই দিয়া হ’বঃ আৰ পি শৰ্মা

    দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ৮ মাৰ্চ : বৰছলাৰ কংগ্ৰেছ শিৱিৰত উল্লাস ৷ ৭২ নং বৰছলা বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি আজি ৰাম প্ৰসাদ শৰ্মা গুৱাহাটীৰ পৰা অহাৰ সময়তে ওৰাংৰ পৰা প্ৰাৰ্থী গৰাকীক কংগ্ৰেছৰ সমৰ্থক সকলে বাইক ৰেলী কৰি আদৰি আনে ৷ এই ৰেলীৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰি কয় যে , বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উতুৱাই নি বংগোপ সাগৰত পেলাই দিয়া হ’ব ৷ মোক অসমৰ সকলোৱে চিনি পায় , যি কোনো সমষ্টিতে মই জয়ী হ’ব পাৰিলো হয় , কিন্তু দলে বৰছলাত যিহেতু দিছে ইয়াতেই মই জয়ী হ’ম ৷ লগতে বৰছলাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক টংকবাহাদুৰ ৰায়ে এইবাৰ দলীয় টিকট নাপাই কৰা বিক্ষোভ সন্দৰ্ভত আৰ পি শৰ্মাই কয় যে ,”টংকদাৰ আশীৰ্বাদ মোৰ শিৰত আছে , তেওঁক মই বহুত বহুত ধন্যবাদ দিছোঁ ৷ এই বাবেই ধন্যবাদ দিছো যে , তেওঁ কালি মোৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সমগ্ৰ অসমত মোৰ প্ৰচাৰহে চলালে ৷ এ আই ইউ ডি এফৰ বৰছলাৰ নেত্ৰী বীনা দৈমাৰীক লগতলৈ ৰেলী কৰি সমষ্টিলৈ আগুৱাই অহা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে আৰু কয় যে , যোৱা বাৰ “সীতাক হৰণ কৰি লৈ গৈছিল বাবে ২৩ হাজাৰ ভোটত জয়ী হৈছিল বিজেপি ৷ এই বাৰ সীতা ৰামৰ লগত আছে । গতিকে , ৬০ ৰ পৰা ৮০ হাজাৰ ভোটত আমি জয়ী হ’ম ৷ এইফালে ৰেলিত ৰাম প্ৰসাদ শৰ্মাৰ লগত থকা এ আই ইউ ডি এফৰ নেত্ৰী বীনা দৈমাৰীয়েও ৰাম প্ৰসাদ শৰ্মা এইবাৰ বৰছলাত এশ শতাংশ জয়ী হ’ব বুলি মন্তব্য প্ৰদান কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here