বিজেপিৰ কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

13
1544
বিজেপিৰ কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ১৭ অক্টোৱৰঃ কামৰূপ জিলাৰ ৰঙিয়াৰ ৰেলৱে কমিউনিটি হʼলত অনুষ্ঠিত ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱাল।দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত হৈছে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালে উক্ত সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক কিষাণ মৰ্চাৰ বিভিন্ন জিলাৰ সভাপতি সকলক উদ্দেশ্যি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যণমূলক আচনীৰ বিষয়ে ৰাইজৰ মাজত লৈ যোৱাৰ বাবে অনুৰোধ জনায় ।লগতে অতি আত্মবিশ্বাসেৰে আমি জয়ী হমেই , আমি চৰকাৰ গঠন কৰিমেই বুলি জনায় । মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ নৰেন্দ মোডী জিন্দাবাদ ধ্বনী দি দলীয় কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ যোগায় । উল্লেখযোগ্য যে , সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী সোণোৱালে ৬०/৭० বছৰে শোষণ কৰি অহা কংগ্ৰেছৰ কোনো নৈতিক অধিকাৰ নাই কৃষক নীতিৰ সমালোচনা কৰিবলৈ , ইয়াৰোপৰী কৃষক সকলে এই নতুন নীতিৰ ফলত প্ৰত্যক্ষভাৱে লাভ পাবলৈ সক্ষম হʼব বুলিও দাবী কৰে । আজিৰ সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ সভাপতি , ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বড়া , সাংসদ পল্লৱ লোচন দাস , মন্ত্ৰী তথা স্থানীয় বিধায়ক ভবেশ কলিতা , ৰাজ্যিক মুখপাত্ৰ ৰূপম শৰ্মা , ৰাজ্যিক নেতা জয়ন্তমল্ল বৰুৱা , বিধায়িকা চুমন হৰিপ্ৰিয়াকে ধৰি প্ৰতিখন জিলাৰ পৰা অহা প্ৰতিনিধি সকল ।

13 COMMENTS

Comments are closed.