বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসনঃ দিব্যাংগ আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

    0
    74

    বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসনঃ দিব্যাংগ আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

    প্ৰতিবেদক মনজিৎ দাস হাউলী ,২৭ ফেব্ৰুৱাৰী: সম্প্ৰতি অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন ৷ ইতিমধ্যে নিৰ্বাচনৰ কামত জড়িত চেল সমুহৰ লগতে ফ্লাইং স্কোৱাডসমুহ নিৰ্বাচনীৰ বাবে সক্ৰিয় হৈ উঠিছে। তদুপৰি ভোটাৰৰ ওজৰ-আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে ১৯৫০ টোলফ্ৰী নম্বৰ মুকলি কৰিছে বুলি অাজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত সদৰী কৰে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই৷ উল্লেখ্য যে, অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব বৰপেটা নিৰ্বাচনী জিলাৰ ৬ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহন ৷ বৰপেটা নিৰ্বাচনী জিলাৰ ৬ টা বিধানসভা সমষ্টিত এইবেলি ভোটাৰৰ সংখ্যা হৈছে ১১৪১৩৮৪ গৰাকী ৷ বৰপেটা নিৰ্বাচনী জিলাৰ ৬ টা সমষ্টিৰ ১৯ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ নিৰ্ধাৰন কৰা হৈছে ৷ ইপিনে এইবেলি ভোটগ্ৰহনৰ ক্ষেত্ৰত দিব্যাংগ ভোটাৰ সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰৰ অধীনত থকা দিব্যাংগ ভোটাৰসকলৰ তথ্য আগতীয়াকৈ প্ৰশাসনে সংগ্ৰহ কৰিব ৷ এইবেলি দিব্যাংগ ভোটাৰসকলে ইচ্ছা কৰিলে ডাক বেলতৰ যোগেও ভোটদান কৰিব পাৰিব ৷ সম্প্ৰতি নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিজন দিব্যাংগ ভোটাৰ আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰৰ ক্ষেত্ৰত এই ব্যৱস্থা লোৱা হব বুলি সদৰী কৰিছে জিলা প্ৰশাসনে ৷ আনহাতে সম্পুৰ্ন ক’ভিত প্ৰট’কল মানি ভোট গ্ৰহনৰ ব্যৱস্থা কৰা হব ৷ প্ৰতিটো ভোট গ্ৰহন কেন্দ্ৰত স্কেনিং মেচিনৰ সহায়ত ভোটাৰৰ টেম্পেৰেচাৰ চোৱা হব৷ উষ্ণতা বেছি থাকিলে তেওঁলোকক আচুতীয়া কক্ষত ৰখা হব আৰু ভোট গ্ৰহনৰ শেষৰ সময়ত তেওঁলোকৰ ভোট গ্ৰহন কৰা হব বুলিও জানিবলৈ দিয়ে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here