বিলাসীপাৰাত প্ৰাক্তন বিধায়ক ইউছুফ আলীৰ মৃত্যু , দল-সংগঠনৰ শোক প্ৰকাশ

    0
    56

    বিলাসীপাৰাত প্ৰাক্তন বিধায়ক ইউছুফ আলীৰ মৃত্যু , দল-সংগঠনৰ শোক প্ৰকাশ
    বিলাসীপাৰাৰ পৰা মোছলেম উদ্দিন আহমেদ , ৮ মাৰ্চঃ আজি পুৱা ১০ বজাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সমাজসেৱক ইউছুফ আলি আহমেদ (৭২)বছৰ বয়সত উচ্চ ৰক্ত চাপজনিত কাৰণত ইহলীলা সম্বৰণ কৰে । তেখেতৰ মৃত্যুত সমগ্ৰ বিলাসীপাৰাত শোকৰ ছা পৰিছে । পৰিয়ালৰ সূত্রত জানিব পৰা গৈছে যে,যোৱা ৬ মাৰ্চৰ সন্ধিয়া উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মাটিত ঢলি পৰে। ততালিকে পৰিয়ালৰ লোকে বিলাসীপাৰা চৰকাৰী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেখেতৰ স্বাস্থ্যৰ অৱস্হা অৱনতি ঘটাত ততালিকে উন্নত চিকিৎসাৰ বাবে বঙাইগাওঁ জিলাৰ ল’ৱাৰ আছাম নাৰ্ছিংহোমলৈ প্ৰেৰণ কৰে । তাতো স্বাস্থ্যৰ উন্নত নোহোৱাত ৭ মাৰ্চত পৰিয়ালৰ লোকে গুৱাহাটীৰ ৰহমান নাৰ্ছিংহোমত ভৰ্তি কৰে । তাতো স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে আলীক বিলাসীপাৰাৰ ঘৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে । কালি নিশাই বিলাসীপাৰালৈ অনা হয় । আজি পুৱা শ্বাস-প্ৰস্বাসত কষ্ট পাই মৃত্যু বৰণ কৰে। তেখেত ১৯৮৫ চনত ইউ,এম,এফ দলৰ পৰা ২৬ নং পশ্চিম বিলাসীপাৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । পৰবৰ্ত্তী সময়ত, তেৱাৰী কংগ্ৰেছ , এনচিপি,সমাজবাদী দল আৰু নিৰ্দলীয় প্ৰাৰ্থীহৈ অসম বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল । মৃত্যুৰ সময়ত পত্নী , চাৰিকন্যা সহ বহু আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধ বন্ধু-বান্ধৱ এৰি থৈ যায় । তেখেত প্ৰয়াত পিতৃ হাজী ছেকেন্দাৰ আলীৰ পুত্র । তেখেতৰ মৃত্যুত বিলাসীপাৰা শাখা সাহিত্য সভা,বিলাসীপাৰা মহকুমা জেষ্ঠ নাগৰিক সন্থা,অসমৰ বিশিষ্ট লেখিকা গীতালী বৰুৱা , বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি বহুতো দল-সংগঠনে শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰে আৰু পৰিয়ালবৰ্গ লৈ গভীৰ দুখ প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে । আজি আবেলি ৩ বজাত তেখেতৰ জন্মস্হান নায়েৰ আলগা চৰাঞ্চলৰ কাজাইকাটা ছিনিয়ৰ মাদ্ৰাছাৰ কবৰস্তানত শত-সহস্ৰাধিকলোক উপস্থিতিত শেষ জানাজা সম্পন্ন কৰা হয় ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here