বিলাসীপাৰাত মহাজোঁটৰ দুই প্ৰাৰ্থীৰ বিশাল সমদল , বাইক ৰেলিৰে বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টি পৰিভ্ৰমণ

0
137

বিলাসীপাৰাত মহাজোঁটৰ দুই প্ৰাৰ্থীৰ বিশাল সমদল ,
বাইক ৰেলিৰে বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টি পৰিভ্ৰমণ
বিলাসীপাৰা পৰা মোছলেম উদ্দিন আহমেদ , ১১ মাৰ্চঃ তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ হবলগীয়া বিলাসীপাৰা মহকুমাৰ ২ টা বিধানসভা সমষ্টিৰ বাবে মহাজোঁটৰ পৰা টিকট লাভ কৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমী আৰু ছামছুল হুদাই আজি হেজাৰ হেজাৰ সতীৰ্থ-সমৰ্থকৰ বাইক ৰেলিৰে ধুবুৰী জিলাৰ দুৱাৰমুখ বহলপুৰৰ পৰা হৰ্ষ উল্লাসৰে সমদল কৰি আদৰি আনে । বাটৰ কাষত ৰৈ থকা হেজাৰ হেজাৰ লোকে প্ৰাৰ্থী দুগৰাকীক উষ্ম আদৰণি জনায় । পাছত বেলতলি চাৰিআলি হৈ বিলাসীপাৰা চহৰ পৰিভ্ৰমণ কৰি ২৬ নং পশ্চিম বিলাসীপাৰা সমষ্টিলৈ যায় । তাতো হেজাৰ হেজাৰ সতীৰ্থ সমৰ্থক আৰু ৰাইজে বিপুল ভাৱে আদৰণি জনায় । আনফালে , একাংশ বিক্ষুদ্ধ কংগ্ৰেছ আৰু এআইইউডিএফৰ কৰ্মীয়ে বিশালৰেলিৰ পৰা আতৰত অৱস্হান কৰা পৰিলক্ষিত হয় । সন্ধিয়া এই বিশাল ৰেলিৰ সামৰণি পেলোৱা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here