বিশ্বনাথৰ গলিয়াত আন্তৰ্জাতিক নাৰী দিৱস পালন

    0
    36

    বিশ্বনাথৰ গলিয়াত আন্তৰ্জাতিক নাৰী দিৱস পালন

    দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথঃ বিশ্বনাথ চাৰিআলিৰ ভানু ৰংগমঞ্চ গলিয়াত “জীৱিকা সখি”,বিশ্বনাথ ব্লকৰ উদ্যোগত গ্ৰাম্য সংগঠন গোটৰ সদস্যা সকল আৰু মণ্ডল পৰ্যায়ৰ সমূহ মহিলাৰ সহযোগত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় ৷ সভাত সভাপতিত্ব কৰে গীতা দাহাল । বক্তা ধনদা কলিতা,জ্যোতিকা ভৰালী,বিভামনি দাস আৰু পূৰ্ণিমা ভট্টাচাৰ্য । আৰু উপস্থিত থাকে বিশ্বনাথ ব্লক সমন্বয়ক তিনি গৰাকী ক্ৰমে-চম্পক মুদৈ,ব্ৰহ্মাক্ষী গগৈ,ৰুণজুণ হাতীবৰুৱা । এটি সমবেত সংগীতেৰে সভা আৰম্ভ কৰে । নেপালী নৃত্য,ঝুমুৰ নৃত্য,জিকিৰ,বৰগীত,দিহানাম,বিয়ানাম কবিতা আবৃত্তি আদি বিভিন্ন বৰ্ণিল অনুষ্ঠান পৰিবেষণ কৰে মহিলা সকলে । ৬০০ৰো অধিক মহিলা সভাত উপস্থিত থাকে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here