বিশ্বনাথৰ প্ৰতাপগড়ত প্ৰিয়ংকা গান্ধী

    0
    50

    বিশ্বনাথৰ প্ৰতাপগড়ত প্ৰিয়ংকা গান্ধী

    দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথ , ২ মাৰ্চঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী নিশা বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত কটোৱাৰ পিছত পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত বুঢ়া মাধব দেৱালয় দৰ্শন কৰি নেত্ৰী গৰাকীয়ে সাক্ষাৎ কৰে চাহ বাগিচাৰ পাত তুলা মহিলা শ্ৰমিক সকলৰ লগত । চাহ শ্ৰমিক সকলৰ লগত নেত্ৰী গৰাকীয়ে কিছু সময় মত বিনিময় কৰি নিজেও চাহ পাত তুলে নেত্ৰীগৰাকীয়ে । তাৰ পিছতেই প্ৰতাপগঢ় চাহ বাগিচাৰ সাধাৰণ শ্ৰমিক অমৃত তাছা নামৰ লোকজনৰ ঘৰত প্ৰবেশ কৰে নেত্ৰী গৰাকীয়ে । শ্ৰমিক গৰাকীৰ ঘৰৰ পাকঘৰত প্ৰবেশ কৰে কংগ্ৰেছ নেত্ৰী গৰাকী আৰু জুতি ললে লাল চাহৰ । মত বিনিময় কৰে অমৃত তচাৰ পৰিয়াল আৰু লৰা ছোৱালীৰ লগত । তাৰ পিছতে সাংবাদিকৰ লগত সাক্ষাত কৰি নেত্ৰী গৰাকীয়ে কয় যে , চাহ শ্ৰমিক সকলৰ মজুৰি যি হাৰত ৰাহুল গান্ধীয়ে প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল । সেই কথা মই গেৰেন্টি প্ৰদান কৰিছো । গেছ চিলিণ্ডাৰৰ,পেট্ৰ , ডিজেল প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । এতিয়া সময় আহি পৰিছে এনে এটা চৰকাৰ গঠন হওক । যি চৰকাৰে জনসাধাৰণৰ কথা শুনে বুজে আৰু সেই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰাৰ । বাগিচাত মহিলা সকলে কইছে বহু নেতা আহে , ডাঙৰ ডাঙৰ কথা কয় , যাৰ বাবে এওলোকৰ আশা কৰিছিল এই সকল নেতাৰ কথাত । প্ৰথম অবস্হাত বাগিচাৰ শ্ৰমিক সকলৰ একাউণ্টত পইচা সোমাইছিল আৰু বিনামূলী্যা চিলিণ্ডাৰো পাইছিল । কিন্তু এতিয়া দুমাহ ধৰি খালী চিলিণ্ডাৰ এওঁ লোকৰ পাকঘৰত পৰি আছে । ৮০০/৯০০ টকা কাৰ ওচৰত আছে গেছ চিলিণ্ডাৰ ভৰাবলৈ, বহু ডাঙৰ ডাঙৰ কথা কৈ শাসনত আহিছিল , কিন্তু কথা বোৰ পালন নকৰিলে । যাৰ বাবে দেশত দৰিদ্ৰতা বৃদ্ধি হৈছে । পুজিপতি উদ্যোগপতি সকল সকলো বস্ত্ত পাই আছে , কিনি আছে । বিমান বন্দৰ কিনিছে , গুৱাহাটী বিমান বন্দৰ কিনিছে । সকলো সুবিধা কেৱল তেওঁলোকে পাই আছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here