বিশ্বনাথ জিলাৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’লে পৰ্য্যবেক্ষকে

    0
    63


    বিশ্বনাথ জিলাৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’লে পৰ্য্যবেক্ষকে

    দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথ , ৪ মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তথা সংশ্লিষ্ট বিষয়াসকলক প্ৰদান কৰা দায়িত্ব তথা তেওঁলোকৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বিশ্বনাথত উপস্থিত হোৱা জিলা নিৰ্বাচনী হিচাপ ব্যয় পৰ্য্যবেশক কে. বীৰভদ্ৰ ৰেড্ডিয়ে বুজ লয় । এই পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্য্যালয় সভাকক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত আনুষ্ঠানিক ভাৱে সংশ্লিষ্ট বিষয়াসকলৰ স’তে পৰিচয় হয় আৰু এই কেইদিনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। পৰ্য্যবেক্ষকে অন্যান্য ঠাইৰ লগতে বিশ্বনাথ জিলাতো কেনেদৰে নিকা আৰু কোনো আউল নলগাকৈ সমাগত বিধানসভা নিৰ্বাচন সমাপন কৰিব পাৰি , তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নিৰ্বাচনী আয়োগে জাৰি কৰা ৰাজনৈতিক দল আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলে নিৰ্বাচনী কাম-কাজত ব্যয় কৰা ধনৰ খৰচৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ বিষয়াসকলক আহ্বান জনায় । জিলা নিৰ্বাচনী বিষয়া তথা বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা দেৱে এই পৰিপ্ৰেক্ষিতত কয়-ইতিমধ্যে সংশ্লিষ্ট বিষয়াসকলক নিজ নিজ কোষৰ প্ৰশিক্ষণ প্ৰদান কৰি নিৰ্বাচনী কাম-কাজ নিয়াৰিকৈ তথা সুকলমে চলাই থকা হৈছে বুলি পৰ্যবেক্ষকৰ আগত অৱগত কৰে। লগতে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত থাকি সমাগত নিৰ্বাচনত দেখা দিয়া যিকোনো সমস্যাৰ সন্মুখীন হ’লে সংশ্লিষ্ট বিষয়াসকলক আৰক্ষীৰ স’তে জৰুৰীভাৱে যোগাযোগ কৰিবলৈ তেওঁৰ বক্তব্যৰ জৰিয়তে আহ্বান জনায় । সভাত সহকাৰী উপায়ুক্ত মিফ্তাহুদ্দিন আহমেদ ডাঙৰীয়া সহকাৰী উপায়ুক্ত ড. সূৰ্য্য কমল বৰা দেৱ সহকাৰী উপায়ুক্ত লিজা তালুকদাৰ প্ৰমুখ্যে বিষয়াসকল উপস্থিত থাকে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here