বিশ্বনাথ মহাবিদ্যালয়ৰ গ্ৰন্থমেলাত ৭খনকৈ গ্ৰন্থ উন্মোচন

    0
    118

    বিশ্বনাথ মহাবিদ্যালয়ৰ গ্ৰন্থমেলাত ৭খনকৈ গ্ৰন্থ উন্মোচন
    দুৰ্নীতিৰ দৰ্পণ সেৱা,বিশ্বনাথ চাৰিআলি , ১ মাৰ্চঃ বিশ্বনাথ মহাবিদ্যালয়ত কালিৰ পৰা ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আছু গোটৰ সহযোগত সাতদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গ্ৰন্থ মেলাৰ আজি ষষ্ঠ দিনত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মা আৰু উপাধ্যক্ষ বাবুল বৰাৰ সঞ্চালনত আজি ৭ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ গ্ৰন্থমেলাৰ এই সভাত সাহিত্যিক, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্বনাথৰ সাংবাদিক ত্ৰিবেণী বৰাৰ প্ৰথম খন কবিতা সংকলন “হৃদয়ত তোমাৰ নামৰ ফলক”, শিক্ষয়িত্ৰী বিভামণি দাসৰ গল্প সংকলন “চক্ৰবেহু বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ড° পুলক সভাপণ্ডিতৰ প্ৰবন্ধ সংকলন” হে মনুষ্য উলটি আহা” লক্ষজিৎ গোহাঁইৰ “এটি অসমাপ্ত সপোন” মহাবিদ্যালয়ৰখনৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মা আৰু মানসজ্যোতি দাসৰ সম্পাদনাত”জীৱন আৰু স্বপ্ন “বিউতি গগৈৰ কবিতা সংকলন” কল্প চিত্ৰ” আৰু গল্প সংকলন খোঁজ আদি কৰি ৭ খন গ্ৰন্থ উন্মোচন হয় ৷ সাংবাদিক ত্ৰিবেণী বৰা কবিতা সংকলন খনি বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষই গ্ৰন্থখনি উন্মোচন কৰে ৷ অধ্যক্ষ গৰাকীয়ে সাংবাদিকতাৰ দৰে ব্যস্ত থকা মাজতো এনেদৰে সংকলনখন উলিয়াৰ বাবে প্ৰশংসা কৰে ৷ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আয়োজিত এনে অনুষ্ঠানৰ শলাগ লৈছে সচেতন মহলে ৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ ইন্দ্ৰ প্ৰসাদ শইকীয়া , বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ জীৱন নাথ , অভিনেতা জ্যোতি বৰুৱা , ডা° অমল শইকীয়া , প্ৰাক্তন অধ্যক্ষ মহেশ শৰ্মা আৰু বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here