বিশ্বৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি প্ৰত্যেকেই গছপুলি ৰোপণ কৰিব লাগিবঃ শিক্ষাবিদ মিৰান হাদী আলম

    0
    32

    বিশ্বৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি প্ৰত্যেকেই গছপুলি ৰোপণ কৰিব লাগিবঃ শিক্ষাবিদ মিৰান হাদী আলম
    স্বেচ্ছাসেৱী সংগঠন একশ্বন ফ’ৰ ৰুৰেল প’ৰৰ ব্যৱস্থাপনাত নগাঁও জিলাৰ তিনিচুকীয়াত সেউজীয়া গাঁও আৰু পৰিষ্কাৰ গাঁও সন্দৰ্ভত প্ৰশিক্ষণ শিবিৰ সম্পন্ন
    দুৰ্নীতিৰ দৰ্পণ সেৱা , আলিটাঙনীৰ পৰা দিলদাৰ হুছেইন, ৮ মাৰ্চ : নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন একশ্বন ফ’ৰ ৰুৰেল প’ৰৰ ব্যৱস্থাপনাত সোমবাৰে নগাঁও জিলাৰ তিনিচুকীয়াত “সেউজীয়া গাঁও আৰু পৰিষ্কাৰ গাঁও” সন্দৰ্ভত এখনি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। আগশাৰীৰ শিক্ষানুষ্ঠান তিনিচুকীয়া হাই মাদ্ৰাছা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠানৰ পৰিচালনা কৰে বিশিষ্ট সমাজসেৱক তথা অৱসৰ প্ৰাপ্ত অধ্যাপক আলহাজ জালাল উদ্দিন । প্ৰশিক্ষণ শিবিৰত জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ তফাজ্জুল হুছেইন উপস্থিত থাকি কয় যে, নিজৰ লগতে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা বাবে আমি সকলোৱেই গছপুলি ৰোপণ কৰিব লাগে । প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিক্ষাবিদ মিৰান হাদী আলমে কয় যে,সময়ৰ গতিত ক্ৰমান্বয়ে প্ৰাকৃতিক সম্পদ সমূহ ধ্বংস হৈ গৈ আছে। জীৱশ্ৰেষ্ঠ মানুহেই নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে অবাধে বনাঞ্চল ধ্বংস কৰি আহিছে। বিশ্বৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি প্ৰত্যেকেই গছপুলি ৰোপণ কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰে । স্বেচ্ছাসেৱী সংগঠন একশ্বন ফ’ৰ ৰুৰেল প’ৰৰ সম্পাদক ছাইব আলীয়ে আঁত ধৰা প্ৰশিক্ষণ শিবিৰত তিনিচুকীয়া হাই মাদ্ৰাছাৰ অধীক্ষক মুকিতুৰ ৰহমান উপস্থিত থাকি “সেউজীয়া গাঁও আৰু পৰিষ্কাৰ গাঁও” সন্দৰ্ভত বহল ব্যখ্যা দাঙি ধৰে । প্ৰশিক্ষণ শিবিৰত যুৱ সংগঠনক তথা DTH ৰ সম্পাদক আফজালুৰ ৰহমান, শিক্ষাবিদ তথা সমাজসেৱক বিল্লাল উদ্দিন, লুতফুৰ ৰহমানৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here