বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তীত , কে এ চিৰ মূখ্য কাৰ্য্যবাহী সদস্য গোকুল বৰ্মনক উস্ম আদৰণি আক্ৰাছুৰ ,বিজেপিয়ে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰেঃ গোকুল বৰ্মন

    6
    170

    বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তীত , কে এ চিৰ মূখ্য কাৰ্য্যবাহী সদস্য গোকুল বৰ্মনক উস্ম আদৰণি আক্ৰাছুৰ ,বিজেপিয়ে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰেঃ গোকুল বৰ্মন

    বিকাশ ৰায়, মাণিকপুৰ, ২৭ ফেব্ৰুৱাৰীঃ আজি বিশ্ব মহাবীৰ চিলাৰায় তথা শুক্লধ্বজৰ ৫১১ সংখ্যক জন্ম জয়ন্তী । সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ পাতিলাদহাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হৈছে চিলাৰায় দিৱস। বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত পাতিলাদহা আঞ্চলিক আক্ৰাছুই পাতিলাদহা হাই স্কুল খেলপথাৰত আয়োজন কৰা চিলাৰায় দিৱসত নৱ গঠিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনক আক্ৰাছুই উস্ম আদৰণি জনোৱাৰ লগতে পৰিষদৰ বহুকেইগৰাকী কাৰ্যবাহী সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা কাৰ্যসূচীৰ পিছতে পতকা উত্তোলন,বীৰ চিলাৰায়ৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ আৰু শ্বহীদ তৰ্পণ কৰে। চিলাৰায় দিৱসত উপস্থিত হৈ গোকুল বৰ্মনে প্ৰথমে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ দীৰ্ঘ দীনিয়া দাবী আৰু সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি নুন্যতম সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে অনাগত দিনত এই পৰিষদ খনৰ জৰিয়তে জনগোষ্ঠীটোৰ দাবী আৰু মুল সমস্যা সমূহৰ ৰাজনৈতিক ভাৱে সমাধান কৰাৰ বাট মুকলি হল বুলি কয়। বীৰ চিলাৰায়ৰ আদৰ্শৰে ঐতিহাসিক কোচ ৰাজ্য পৰিচালনা কৰাৰ দৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ খনত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক লগত লৈ সকলোৰে বিশ্বাস আৰু আস্থা ভাজন হৈ অসম চৰকাৰে অৰ্পণ কৰা দায়িত্ব নিষ্ঠাৰে পালন আগবাঢ়ি যোৱাৰ বাবে পৰিষদখনে ব্যৱস্থা গ্ৰহণ কৰিব। বিজেপি চৰকাৰে জনগোষ্ঠীটোৰ প্ৰতি সহানুভূতি আৰু আন্তৰিকতা প্ৰদৰ্শন কৰাত আক্ৰাছুৱে বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয় যে পূৰ্বে কোনো এখন চৰকাৰে জনগোষ্ঠীটোৰ সমস্যা সমূহ সমাধানৰ বাবে গুৰুত্ব প্ৰদান নকৰাৰ বাবে সকলো থাকিও লাঞ্ছিত বঞ্চিত হৈ থাকিব লগীয়া হৈছে। জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে লোৱা এই ভূমিকাক আজি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ ভিতৰৰ লগতে সমগ্ৰ অসম, পশ্চিমবংগ আৰু মেঘালয় আদি চাৰিওফালে সিচঁৰতি হৈ থকা কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে আনন্দিত হৈছে যে বিজেপি মিত্ৰজটৰ চৰকাৰখনে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰে। কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ দীৰ্ঘ দীনিয়া আন্দোলনত বিগত সময়ত আন্দোলনৰ গুৰিধৰোঁতা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ সন্দৰ্ভত কি কব বুলি সাংবাদিকে জানিব বিছৰাত মূখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে কয় এই ক্ষেত্ৰত আমি মন্তব্য দিবলগীয়া নাই আৰু ৰাইজে সকলোখিনি জানে।

    6 COMMENTS

    1. ผู้ที่ถูกใจความท้าทายในแบบคนเล่นพนัน ก็สามารถเลือก แทงบอลออนไลน์ แบบสเต็ปรับโชคแบบคูณรางวัลไปเลย โดยที่เริ่มต้นของสเต็ปที่
      2 คู่เป็นขั้นต่ำก็ได้แล้ว สมาชิกนักเล่นการพนันสามารถที่จะระบุวงเงินการเล่นพนันแทงบอลผ่านเว็บไซต์พนันในเครือที่จำนวนเงินอย่างน้อยเพียงแค่ 20 บาท
      เท่านั้น

    2. American psychiatric association Принято считать, что эксгибиционисты РЅРµ агрессивны Рё РЅРµ насилуют СЃРІРѕРёС… жертв (Tollison, Adams, 1979; American Psychiatric Association, 1987), однако РёР· этого правила есть исключения (Gebhard, 1965; MacNamara, Sagarin, 1977) – Сексуальное поведение, РїРѕРґРѕР±РЅРѕ любому РґСЂСѓРіРѕРјСѓ поведению людей, отличается разнообразием Рё сложностью, что затрудняет его определение Рё классификацию. “Р’ наши РґРЅРё редко удается увидеть настоящее шелковое белье…” (Punch) Эксгибиционизмом называют парафилию, РїСЂРё которой человеку для получения сексуального удовлетворения необходимо выставлять напоказ перед незнакомыми людьми СЃРІРѕРё половые органы. Это отклонение встречается почти исключительно Сѓ мужчин (Stoller, 1977; American Psychiatric Association, 1987), хотя имеются сообщения Рѕ нескольких случаях эксгибиционизма Сѓ женщин.

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here