ব্যাপক কাৰ্যসূচীৰে ৰঙিয়াত মহকুমা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭২ তম গণৰাজ্য দিৱস উদযাপন

0
116

ব্যাপক কাৰ্যসূচীৰে ৰঙিয়াত মহকুমা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭২ তম গণৰাজ্য দিৱস উদযাপন
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া ,২৮ জানুৱাৰীঃ ঐতিহাসিক বাৰ্মিজ ফিল্ড ৰূপে পৰিচিত ৰঙিয়া মহকুমা প্ৰশাসনৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি শ্ৰী স্বপ্নীল পালে,ভা: প্ৰ: সে:। পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন আৰু অভিবাদন গ্ৰহণৰ পিছত আগবঢ়োৱা নিজ ভাষণত মহকুমাধিপতি গৰাকীয়ে দেশৰ শ্বহীদ, মুক্তি যোদ্ধা সকলক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনীৰ জোৱান সকলৰ সাহস আৰু ত্যাগৰ কথাও কৃতজ্ঞতাৰে স্মৰণ কৰে । স্বাধীন ভাৰতৰ সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ লগতে সংবিধান সভাৰ লগত জড়িত দেশৰ মহান নেতা সকলকো তেখেতে শ্ৰদ্ধাৰে সুৱৰে।তেখেতে কয় যে,”সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ এখন অগ্ৰণী প্ৰগতিশীল গণতন্ত্ৰৰূপে স্বীকৃত হৈছে।উন্নয়নশীল বহু ৰাষ্ট্ৰৰ বাবে আজি ভাৰতবৰ্ষ এক প্ৰেৰণাৰ প্ৰতীক। তেখেতে ৰাজ্যখনৰ আৰ্থ-সামাজিক , ক্ৰীড়া-যুৱ কল্যাণ , শিক্ষা-গৱেষণা , গৃহ আৰু ৰাজনৈতিক শক্তি, সমাজ কল্যাণ, স্বাস্থ্য, উদ্যোগ-বাণিজ্য, ৰাজহ, কৃষি-জলসিঞ্চন,পৰিৱেশ-বন,জনস্বাস্থ্য,তথ্য আৰু জনসংযোগ,খাদ্য আৰু অসামৰিক যোগান,আবকাৰী,লোকনিৰ্মাণ,প্ৰশাসন-প্ৰশিক্ষণ,বিত্ত, পৰিবহণ,শ্ৰমিক কল্যাণ,ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী,চাহ জনগোষ্ঠী,নগৰ উন্নয়ন , অসম চুক্তি ৰূপায়ণ আদি সকলো বিভাগত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ণমূলক পদক্ষেপ সমূহৰ এক অৱলোকন ডাঙি ধৰে । তেখেতে উল্লেখ কৰে যে,ভাৰত চৰকাৰে ঐতিহাসিক শিৱসাগৰক এখন আইকনিক চাইট বুলি ঘোষণা কৰিছে। ইয়াৰ বাবে ৰূপহী পথাৰত এটা আইকনিক চাইট মিউজিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫ একৰ ভূমি আৱণ্টন দিছে বুলিও তেওঁ সদৰি কৰে। তেখেতে কয় যে , ২০১৬ চনৰ মে’মাহৰ পৰা ২০২০ চনৰ ডিচেম্বৰ মাহলৈ বৰ্তমান চৰকাৰৰ কাৰ্য্যকালত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত ৩০,০৬৪ গৰাকী ব্যক্তিলৈ বিত্তীয় সাহায্য হিচাপে ৫৯,৭৪,৪৯,৭৫৬ টকা প্ৰদান কৰা হৈছে । ভাষণ প্ৰসঙ্গত তেখেতে কয় যে,মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আঁচনিৰ অধীনত ৰঙিয়া মহকুমাটো ৰোগীয়ে লেবৰেটৰী পৰীক্ষাৰ সুবিধা লাভ কৰিছে। অৰুন্ধতী স্বৰ্ণ আঁচনি,অৰুনোদয় আঁচনি , ৰি-স্বয়ম আঁচনিৰ অধীনত বহু হিতাধিকাৰী বৰ্তমানলৈ লাভান্বিত হৈছে । পুৱা ৬ বজাত মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা অনুভাষ যন্ত্ৰযোগে দেশপ্ৰেমমূলক গীত পৰিবেশনেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। পুৱা ৭ বজাত নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন,৭-৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী,বে-চৰকাৰী,অৰ্দ্ধ চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।ৰঙিয়া চহৰত অৱস্থিত মহাত্মা গান্ধী উদ্যান আৰু ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ প্ৰাঙ্গণত ক্ৰমে গান্ধী প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু শ্বহীদ তৰ্পনৰ পিছত বাৰ্মিজ খেল পথাৰত আয়োজিত মূল কাৰ্যসূচীত মহকুমাধিপতি পালে অংশগ্ৰহণ কৰে। লগতে তেখেতে এন চি চি,স্কাউট-গাইড আদিৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত বিভিন্ন স্বেচ্ছাসেৱী সন্থা আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে । গণৰাজ্য দিৱস উপলক্ষে দুপৰীয়া ২.৩০ বজাত ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া ক্ৰিকেট একাডেমীৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় । গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত প্ৰদৰ্শিত মাৰ্চপাষ্টত নিয়মীয়া শিতানত প্ৰথম স্থান দখল কৰে শঙ্কৰদেৱ শিশু নিকেতন,ৰঙিয়াৰ বেণ্ড টিমে,দ্বিতীয় স্থানত মডাৰ্ণ ইংলিছ স্কুল, ৰঙিয়াৰ ছোৱালী দলটিয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰঙিয়াৰ ফাটিমা কনভেণ্ট স্কুলে।অনুষ্ঠানত প্ৰৱীণ মুক্তিযোদ্ধা শ্ৰীযুত কৃষ্ণ লহকৰ,অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শ্ৰীমতী অনন্যা চৌধুৰী,এই বেলি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ লাভ কৰা মাষ্টাৰ তনুজ সামাদ্দাৰ,এচিয়ান বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰা চাহিল হুছেইন,জীৱনযোৰা চৰকাৰী সেৱাৰ বাবে শ্ৰী ৰৱীন শৰ্মা আৰু শ্ৰী তনু বনিয়া,পেছাদাৰী শব্দযন্ত্ৰী হিচাপে বিগত ২৫বছৰে সেৱা আগবঢ়োৱা শ্ৰী সমীৰ গাঙ্গুলী চাফাই কৰ্মচাৰী, শিক্ষক,কৃষক প্ৰমুখ্যে বহু কৃতিমানক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কুইজ,চিত্ৰাংকন,ৰচনা,দেশপ্ৰেমমূলক গীত,শ্লোগান,মক্ পাৰ্লিয়ামেণ্ট আদি বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here