বৰছলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গণেশ কুমাৰ লিম্বুক উষ্ম আদৰণি

    0
    57

    বৰছলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গণেশ কুমাৰ লিম্বুক উষ্ম আদৰণি
    দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰিৰ পৰা আজিজুৰ ৰহমান , ৮ মাৰ্চ : বৰছলা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গনেশ লিম্বুয়ে সমষ্টিটোত পূণৰ প্ৰাৰ্থীত্ব লাভ কৰাত ওৰাংৰ শিৱ মন্দিৰত প্ৰায় দুই সহস্ৰাধিক দলীয় নেতা কৰ্মী সমৰ্থকে প্ৰাক্তন বিধায়ক গৰাকীক বৰছলা সমষ্টিলৈ আদৰি নিবলৈ প্ৰস্তুতি চলাই গীত গাই বেনপাৰ্টিৰ তালে তালে ন্‌ত্য কৰি আনন্দ উল্লাস কৰা দেখা যায় ৷ দলীয় টিকট লৈ বৰছলাৰ প্ৰাক্তন বিধায়ক গৰাকী গুৱাহাটীৰ পৰা ওৰাঙৰ শিৱ মন্দিৰ আহি পোৱাত দলীয় কৰ্মী সমৰ্থকে প্ৰাক্তন বিধায়ক গৰাকীক উস্ম আদৰণি জনোৱা দেখা গল ৷ তাৰ পিছতেই প্ৰাক্তন বিধায়ক গাাকীয়ে ওৰাং শিৱ মন্দিৰত উপস্থিত হৈ সেৱা লৈ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত প্ৰথমে তেওঁক বৰছলাৰ পৰা টিকট প্ৰদান কৰাত কেন্দ্ৰীয় নেতৃত্ব তথা ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনায় ৷ তেওঁ কয় , যোৱাবাৰ নিৰ্বাচনতকৈ এইবেলি দুগুণ ভোটত জয়ী হব আৰু কংগ্ৰেছেই মূল প্ৰতিদণ্ডি হব ৷ গণতন্ত্ৰত সকলোৱে টিকট বিছৰাৰ অধিকাৰ আছে ৷ ৰাজ্যিক নেতৃত্বই যেতিয়া টিকট প্ৰদান কৰে , তেতিয়া সকলোৱে একেলগে দলৰ বাবে কাম কৰে বুলি মন্তব্য কৰে । প্ৰায় দুই সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থক সকলে বাইক ৰেলীৰে সমষ্টিলৈ আদৰি নিয়ে বৰছলাৰ বিজেপি প্ৰাৰ্থী গনেশ লিম্বুক ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here