বৰপেটত “অসম বচাও আহক” কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছৰঃ পদযাত্ৰাত অংশগ্ৰহন-গৌৰৱ গগৈ,খালেক,ৰকিবুলৰ

    2
    90

    বৰপেটত “অসম বচাও আহক” কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছৰঃ পদযাত্ৰাত অংশগ্ৰহন-গৌৰৱ গগৈ,খালেক,ৰকিবুলৰ
    জনিয়াত কংগ্ৰেছ সাংসদ গৌৰব গগৈৰ পদযাত্ৰা , মানুহে আজি পৰিৱৰ্তন নহয় পৰিত্ৰাণ বিচাৰিছে:সাংসদ গৌৰৱ গগৈ

    প্ৰতিবেদক মনজিৎ দাস হাউলী , ২৩ ফেব্ৰুৱাৰীঃ আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশ অনুসৰি বৰপেটা জিলাৰ জনিয়া, বৰপেটা, বাঘবৰ, সৰভোগ, সৰুক্ষেত্ৰী, চেঙা আদি কৰি বিভিন্ন সমষ্টিত “অসম বচাও আহক’কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে । উল্লেখ্য যে,বৰপেটাৰ সাংসদ আব্দুল খালেক,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদ,বিধায়ক জাকিৰ হুছেইন শিকদাৰ,বিধায়ক শ্বেৰমান আলীৰ লগতে কংগ্ৰেছ দলৰ বহু নেতা-কৰ্মীৰ সহযোগত এক পদযাত্ৰা আৰু ঠাই বিশেষে বাইক ৰেলি উলিয়ায়। আজি সাংসদ গৌৰৱ গৈগৈয়ে প্ৰাক্তন লোকসেৱা আয়োগৰ অধ্যক্ষ তথা ৪৩ নং বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ডাঃ তাৰা প্ৰসাদ দাসৰ সৈতে গৈ সেৱা লয় । ইপিনে,সৰভোগৰ গৰখীয়া গোঁসাই থানৰ পৰা সৰভোগ বাছ ষ্টেণ্ডলৈ অসম বচাও আহক কাৰ্যসূচীৰে এক বৃহৎ পদযাত্ৰা উলিয়ায় কংগ্ৰেছে।ইপিনে,সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমতো পেট্ৰল,ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ যি আকাশলঙ্ঘী মূল্য বৃদ্ধি , তাৰ প্ৰতিবাদত সৰভোগত উত্তাল কৰি তোলে কংগ্ৰেছে। বিজেপি চৰকাৰৰ যি সাম্প্ৰদায়িক ৰাজনৈতিক শাসন ব্যৱস্থা,অসমৰ নিবনুৱা সমস্যা সমাধানৰ ব্যৰ্থতা,ৰাজহুৱা সম্পত্তি বিক্ৰী,জনসাধাৰণৰ নামত উলিওৱা বিভিন্ন আঁচনিত কেলেংকাৰী,অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত খামখেয়ালী,জাগীৰোড কাগজ কল,কাছাৰ কাগজ কল বন্ধ কৰা,বালি-কয়লাৰ চিণ্ডিকেতৰাজ আৰু নাগৰিকত্ব স্ংশোধনী আইনৰ বিৰোধীতা কৰি আজি এই অসম বচাও আহক কাৰ্যসূচী পালন কৰে। ইফালে , কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিধায়ক সকলে সৰভোগৰ বেৰভেৰি গাঁৱত গো-পালক প্ৰসন্ন নাথৰ ঘৰত উপস্থিত হয়। তেওঁৰ পৰিয়ালৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ ল’য়। স্থানীয় গাঁৱৰ ৰাইজে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী বিধায়ক সকলৰ ওচৰত বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । গামোচা খনত কা’ বাতিল আৰু অসম বচাও আহক লিখি গৌৰৱ গগৈ,ৰকিবুল হুছেইনৰ হাতত অৰ্পণ কৰে । স্থানীয় বিধায়কজনে আজিলৈকে ইয়ালৈ অহা নাই বুলি উল্লেখ কৰে। আজি সৰভোগত ৰঞ্জিত কুমাৰ দাসৰ নিজ ভেটি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিধায়ক সকলে কপাই তোলে। আগন্তুক দিনত বিজেপিৰ ভেটি নোহোৱা হব বুলি জানিবলৈ দিয়ে। সৰভোগ সমষ্টি এইবাৰ কংগ্ৰেছৰ দখলত আহিব আৰু অসমত কংগ্ৰেছৰ নেতৃত্বত মহাজোট চৰকাৰ গঠন কৰিব। তদুপৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নিজ গৃহ সমষ্টিত কংগ্ৰেছে বিশাল প্ৰতিবাদৰ সাব্যস্ত কৰে। ৰঞ্জিত কুমাৰ দাসৰ নিজ সমষ্টিত ভৰিৰ তলৰ মাটি নোহোৱা হৈছে বুলিয়েই অন্য সমষ্টিলৈ নিৰ্বাচনৰ কুচ-কাৱাজ চলাই আছে বুলিও মতপোষন কৰে কংগ্ৰেছ নেতৃবৃন্দই। আনহাতে , জিলাখনৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিত “অসম বচাও আহক যাত্ৰাত অংশ গ্ৰহণ কৰি এক পথ সভাত ভাষণ প্ৰসংগত সাংসদ গৌৰৱ গগৈয়ে কয় যে,”যত যত এই অসম বছাও আহক যাত্ৰা গৈছে,তাতে মানুহখিনিয়ে কৈছে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোটৰ চৰকাৰ নিশ্চিত। মানুহে আজি পৰিৱৰ্তন নহয় পৰিত্ৰাণ বিচাৰিছে।মানুহে বিচাৰিছে যে,অসমক বচাব লাগিব বিজেপিৰ অত্যাচাৰৰ পৰা। যি দুখীয়া মানুহৰ ওপৰত ধাৰাবাহিক বাবে কৰ লগুৱাই মূল্যবৃদ্ধিৰ জৰিয়তে দুখীয়া মানুহৰ আজি ঘৰ ভাঙো-ভাঙো অৱস্থা হৈছে এই বিজেপি চৰকাৰৰ দিনত। প্ৰতিক্ষেত্ৰত মূল্যবৃদ্ধি। আজি যিসকল মাছৰ ব্যবসায়ৰ লগত জড়িত তেওঁলোকেও কৈছে যে,আজি মাছৰ খাদ্যতো মূল্যবৃদ্ধি,আত্মসহায়কৰ গোটৰ সদস্য সকলে কৈছে গোটৰ নামতো মূল্যবৃদ্ধি,যুৱকসকলে কৈছে পেট্ৰল-ডিজেলতো মূল্যবৃদ্ধি,গৃহিনী সকলেও কৈছে এল পি জি গেছৰ দামতো মূল্যবৃদ্ধি হৈছে। কিমান কষ্টত আছে অসমৰ ৰাইজ। বিগত বছৰ কৰ’নাৰ বাবে লকো ডাউন হল। বহুতে নিজৰ দোকান বন্ধ কৰি ঠেলা গাড়ী চলাব লগা হৈছিল। খাবলৈ পইচা নাছিল। সেই সময়তে বিজেপি চৰকাৰে মিঠা তেলৰ দাম বঢ়াই দিলে ১৫০ টকালৈ। সেই সময়ত বিজেপি চৰকাৰে আজি অৰুনোদই আঁচনিৰ জৰিয়তে কেলেংকাৰীৰ সৃষ্টি কৰি দুখীয়া ৰাইজৰ পৰা পইচা তুলিছে। যিকোনো আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে বিজেপি দলৰ নেতা পালিনেতাক পইচা দিব লগা হৈছে। চাৰিওফালে ছিণ্ডিকেট। চাৰিওফালে কেলেংকাৰী আৰু প্ৰত্যেক কেলেংকাৰীত বিজেপি দলৰ পালিনেতা জড়িত হৈ আছে। সেই কাৰণে অসমৰ ৰাইজে কৈছে যে,অসমত যদি শান্তি লাগে,তেতিয়া লাগে কংগ্ৰেছ। যদি অসমত লাগে সম্প্ৰীতি তেতিয়া লাগে কংগ্ৰেছ। যদি লাগে উন্নতি তেতিয়া লাগে কংগ্ৰেছ। মানুহে এতিয়া মনত পেলাইছে বুলি গগৈ প্ৰকাশ কৰে। তদ্ৰুপ হাউলীতো কংগ্ৰেছৰ উক্ত দলটোৱে বাইক ৰেলিৰে সৰুক্ষেত্ৰী সমষ্টিতো এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিব পৰা গৈছে।

    2 COMMENTS

    1. Hello my friend! I wish to say that this post is amazing, nice written and
      come with approximately all vital infos. I’d like to
      look extra posts like this .

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here