বৰপেটাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তঃ আৰক্ষী চাউনীত মুকলি কৰিলে স্প’ৰ্টছ কমপ্লেক্স , শৰীৰ চৰ্চা গৃহ, চিএছপি কেন্দ্ৰঃ আৰক্ষীৰ আধুনিকীকৰণ সম্পৰ্কেও মন্তব্য-মহন্তৰ

0
113

বৰপেটাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তঃ আৰক্ষী চাউনীত মুকলি কৰিলে স্প’ৰ্টছ কমপ্লেক্স , শৰীৰ চৰ্চা গৃহ, চিএছপি কেন্দ্ৰঃ আৰক্ষীৰ আধুনিকীকৰণ সম্পৰ্কেও মন্তব্য-মহন্তৰ

প্ৰতিবেদক মনজিৎ দাস , হাউলী , ১৩ ফেব্ৰুৱাৰী : অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আজি বৰপেটাত উপস্থিত হৈ বৰপেটাৰ আৰক্ষী চাউনীত নতুনকৈ নিৰ্মাণ কৰা এটা ক্ৰীড়া প্ৰকল্প আৰু আৰক্ষীৰ শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দি এটা শৰীৰ চৰ্চা গৃহও মুকলি কৰে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে শৰীৰ চৰ্চা গৃহটোৰ জৰিয়তে আৰক্ষীত কৰ্মৰত জোৱান সকলৰ লগতে তেওঁলোকৰ ল’ৰা-ছোৱালীসকলো উপকৃত হব বুলি আশা প্ৰকাশ কৰে ৷ আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে আৰক্ষীৰ বাবে এখন চি এছ পি কেন্টিন আৰু বিশুদ্ধ খোৱাপানীৰ ফিল্টাৰ হাউচ এটিও মুকলি কৰে । মুকলি অনুষ্ঠানত উপস্থিত থাকে পশ্চিম মণ্ডলৰ উপ-মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী, বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে বৰপেটা আৰু বজালীৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু ধৰ্মেন্দ্ৰ কুমাৰ দাসকে ধৰি বহুতো অাৰক্ষী বিষয়া । ইপিনে আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰসংগত ৰাইজৰ সুবিধাৰ বাবে বৰপেটাতো ১২২ টোল ফ্ৰী নম্বৰ উপলব্ধ কৰা, বৰপেটা চহৰখনক চাৰিটা ভাগত ভাগ কৰি যি কোনো ঘটনাৰ ক্ষেত্ৰত আৰক্ষী তাৎক্ষনিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱাৰ ব্যৱস্থা গ্ৰহন কৰা আৰু আৰক্ষীৰ মটৰ চাইকেলত জিপিএছ সংযোজন কৰি আৰক্ষীৰ কাম কাজ নিৰীক্ষণ কৰাৰ সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী নিবেশত অনুষ্ঠিত উদ্বোধনী সভা এখনতো অংশগ্ৰহণ কৰি কয় যে, ভাষন প্ৰসংগত কয় যে, আৰক্ষী আৰু আৰক্ষীৰ পৰিয়ালৰ লোকে দৈনিক ব্যায়াম কৰিবলৈ আগবাঢ়ি আহিব লাগে। অাৰু লৰা ছোৱালী শিক্ষা লাভৰ মাজেৰে আগুৱাই যোৱাৰ বাবে চিন্তা কৰিব লাগে বুলি মতপোষন কৰে। স্পোৰ্টছ কমপ্লেক্সৰ ইমান সুবিধা কৰি দিয়াৰ পাছত সকলো আৰক্ষীৰ পৰিয়ালৰ লোকে একেলগে ব্যায়াম কৰিবলৈ আগবাঢ়ি আহিবৰ বাবে আহ্বান জনোৱাৰ লগতে সাধাৰণ মানুহ আৰু তিৰোতা সকলক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে উপস্থিত অাৰক্ষীৰ প্ৰতি অাহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here