বৰপেটাত দূধৰ্ষ চোৰ আটকঃ দুবাৰকৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাই পত্ৰং মাৰা ছাহজাহান আলী ৰঙা ঘৰৰ আলহী

0
76

বৰপেটাত দূধৰ্ষ চোৰ আটকঃ দুবাৰকৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাই পত্ৰং মাৰা ছাহজাহান আলী ৰঙা ঘৰৰ আলহী
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , হাউলী , বৰপেটা, ১ ফেব্ৰুৱাৰীঃ বৰপেটাত আজি এটা দূধৰ্ষ চোৰক ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে ৰাইজৰ পৰা হাত সাৰিবলৈ বৰপেটা সদৰ আৰক্ষী থানাৰ সমীপৰ মৰানদীৰ দলংৰ পৰা মৰানদীত জপিয়াই যদিও পিচত চোৰটোক আৰক্ষীৰ সহযোগত ৰাইজে আটক কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, এই গভাইত চোৰটো ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ মন্দিয়াৰ সমীপৰ মহৰিপাম গাঁৱৰ ছাহজাহান আলী বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিছে। পিছে চুৰি বিদ্যাত পাকৈত ছাহজাহান আলীয়ে দুমাহ পূৰ্বে গাড়ীত হেণ্ডিমেন কৰাৰ অচিলাৰে যাত্ৰীৰ পৰা ১ লাখ টকাসহ এখন বেগ চুৰি কৰিছিল ৷ সম্প্ৰতি হাউলীৰ ফজল আলী নামৰ এজন শিক্ষকৰ বেগসহ টকাখনি লৈ পলায়ণ কৰা চোৰটোক আজি বৰপেটা চহৰত আটক কৰাৰ পিচতে ছাহজাহান আলীৰ পূৰ্বৰ সকলো কু-কৃতি ওলাই পৰে ৷ আৰক্ষীয়ে জনোৱামতে, ছাহজাহান আলী নামৰ এই গভাইত চোৰটোৱে ইতিপূৰ্বে বৰপেটা আৰু হাউলী থানাৰ পৰা আৰক্ষীৰ চকুত ধূলি মাৰি দুবাৰকৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ পিছে চুৰি বিদ্যাত পাকৈত ছাহজাহান আলীৰ আজি আছিল কপাল বেয়া ৷ এশ গৰু খালে বাঘৰো মৰণ নামৰ সেই আপ্ত বাক্য শাৰীৰেই যেন পুনৰাবৃত্তি ঘটিল ছাহজাহান চোৰৰ ক্ষেত্ৰতো ৷ চুৰি কাৰ্যৰে আৰক্ষীৰ টোপনি হৰণ কৰা ছাহজাহান আলী এতিয়া ৰঙাঘৰৰ আলহী বুলি জানিব পৰা গৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here