বৰপেটাত ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে ভোটাৰ দিৱস উদযাপন , সজাগতামূলক গীত-নাট মুকলি, নবীন ভোটাৰক সম্বৰ্দ্ধনা

0
136

বৰপেটাত ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে ভোটাৰ দিৱস উদযাপন , সজাগতামূলক গীত-নাট মুকলি, নবীন ভোটাৰক সম্বৰ্দ্ধনা
দুৰ্নীতিৰ দৰ্পণ, বৰপেটা , ২৫ জানুৱাৰী : দেশৰ অন্যান্য অংশৰ লগতে আজি বৰপেটা জিলাতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হয় । এই উপলক্ষে পুৱা ১০ বজাত জিলা পুথিভঁৰাল চৌহদৰ পৰা উলিওৱা এটি চাইকেল সমদলক নেতৃত্ব দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই । এই সমদলত আৰক্ষী অধীক্ষক ডা ৰবীন কুমাৰ সিং , অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক প্ৰমুখ্যে ভালেসংখ্যক বিষয়া-কৰ্মচাৰী , ছাত্ৰ-ছাত্ৰী , স্থানীয় নাগৰিক আৰু বৰপেটা প্ৰেছ ক্লাবৰ সদস্য সকলে অংশগ্ৰহণ কৰে । “ভোটদানৰ অধিকাৰ পৱিত্ৰ অধিকাৰ আৰু কৰ্তব্য” – এনে ধৰণৰ বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ চহৰৰ সোমাজেৰে সমদল কৰি পুণৰ জিলা পুথিভঁৰাল চৌহদত আহি মিলিত হোৱাৰ পিছতে উক্ত স্থানত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই পৰিচালনা কৰা সভাখনত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ১০ জন নবীন ভোটাৰক ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনায় । অনুষ্ঠানত ভোটদানৰ সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰস্তুত কৰা গীতিকাৰ নিৰ্মল দাসে ৰচনা কৰা আৰু কৌশিক দাসে সুৰ আৰু কন্ঠ দান কৰা এটি গীত জিলা উপায়ুক্তই আনুষ্ঠানিকভাৱে উন্মোচন কৰে । তদুপৰি এই উপলক্ষে প্ৰস্তুত কৰা এখন অডিও নাটকো মুকলি কৰা হয় । অনুষ্ঠানৰ সৈতে সঙ্গতি ৰক্ষা কৰি স্থানীয় ডিজে ডাইনেমিক ডান্স একাডেমীৰ শিল্পীয়ে নৃত্য আৰু ছোৰিন ৰায়ো ছাবেকন কাৰাটেডো স্কুলৰ শিক্ষাৰ্থীয়ে কাৰাটে কলা প্ৰদৰ্শন কৰে । অনুষ্ঠানত দিয়া ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সকলো প্ৰাপ্ত বয়স্ক বৈধ ভাৰতীয় নাগৰিকক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়াও আবেদন কৰাৰ বাবে দুৱাৰ মুকলি আছে বুলি উল্লেখ কৰে । তেওঁ সভাৰ আৰম্ভণীতে সকলোকে দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যদা অক্ষুণ্ণ ৰাখি নিৰপেক্ষভাবে আৰু প্ৰলোভন তথা প্ৰভাৱ মুক্ত হৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে শপত বাক্য পাঠ কৰায় । এই অনুষ্ঠানৰ পিছতে এই দিৱসৰ সৈতে সঙ্গতি ৰক্ষা কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অধ্যাপক দল পাঠকৰ পৰিচালনাত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে আয়োজিত থিতাতে অকা চিত্ৰাংকন প্ৰতিযোগিতাত কষ্টুৰী দাসে প্ৰথম, দিপাঙ্কৰ তালুকদাৰে দ্বিতীয় আৰু হলিস্মিতা দাসে তৃতীয় স্থান অধিকাৰ কৰে । ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত জুৰোৰাম ছোৱালী হাইস্কুলৰ ছাত্ৰী নাফিছা তাচনিমা খানম প্ৰথম আৰু বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ সৌম্য পালে দ্বিতীয় স্থান লাভ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here